ETV Bharat / bharat

অ'চিআই কাৰ্ড প্ৰাপ্ত লোকৰ যাত্ৰাত প্ৰতিবন্ধকতা ভাৰত চৰকাৰৰ

author img

By

Published : May 6, 2020, 3:23 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জীৱনযোৰা ভিছাৰ সৈতে বহুপাক্ষিক প্ৰৱেশ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰৱাসী ভাৰতীয় নাগৰিক কাৰ্ড থকা লোকসকলৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

অ'চিআই কাৰ্ড প্ৰাপ্ত লোকৰ যাত্ৰাত প্ৰতিবন্ধকতা ভাৰত চৰকাৰৰ
অ'চিআই কাৰ্ড প্ৰাপ্ত লোকৰ যাত্ৰাত প্ৰতিবন্ধকতা ভাৰত চৰকাৰৰ

নিউজ ডেস্ক, ৬ মে' : জীৱনযোৰা ভিছাৰ সৈতে বহুপাক্ষিক প্ৰৱেশৰ সুবিধা উপভোগ কৰি অহা প্ৰৱাসী ভাৰতীয়সকলৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয় । আন্তঃৰাষ্ট্ৰীয় পৰিৱহণ ব্যৱস্থা বন্ধ হৈ থকালৈকে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰৱাসী ভাৰতীয় নাগৰিক কাৰ্ড থকা লোকসকল ।

মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জীৱনযোৰা ভিছাৰ সৈতে বহুপাক্ষিক প্ৰৱেশ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰৱাসী ভাৰতীয় নাগৰিক কাৰ্ড থকা লোকসকলৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অৱশ্যে এই কাৰ্ড থকা লোকসকলৰ যিসকলে সদ্যহাতে ভাৰতত আছে, তেওঁলোকে যিমান সময় থাকিব খোজে সিমান সময় কোনো অসুবিধা নোহোৱাকৈ দেশত থাকিব পাৰিব বুলি উল্লেখ কৰিছে মন্ত্ৰালয়ে ।

ভাৰত পৰিভ্ৰমণ কৰাৰ বাবে অ'চিআই কাৰ্ড প্ৰাপ্ত লোকসকলৰ ক্ষেত্ৰত থকা জীৱনযোৰা ভিছাৰ সৈতে বহুপাক্ষিক প্ৰৱেশৰ সুবিধা ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছে বুলি মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰী কৰিছে । আনহাতে যিসকল বিদেশী লোকে বিশেষ কাৰণত ভাৰতলৈ আহিব বিচাৰে তেওঁলোকক শীঘ্ৰেই নিজ নিজ স্থানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ কোৱা হৈছে ।

ইয়াৰ উপৰিও আমোলা ভিছা, চাকৰিয়াল ভিছা, ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ভিছা, আত্মসংস্থাপন আৰু প্ৰকল্পৰ বাবে জাৰী কৰা ভিছাৰ ক্ষেত্ৰটো এইদৰে নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ।

লগতে পঢ়কঃ ভোট জলকীয়াই কন্দুৱাইছে ধেমাজিৰ খেতিয়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.