ETV Bharat / bharat

32 বছৰৰ পাচত ভাৰতীয় সেনালৈ "ভাৰতীয় বফৰ্চ"

40 কিমি পৰ্যন্ত লক্ষ্য অতিক্ৰমৰ ক্ষমতা

author img

By

Published : Mar 27, 2019, 1:36 AM IST

dhanush

যোধপুৰ,26 মাৰ্চঃ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ভাৰতীয় সেনাত সংযোজিত হ'ল এক নতুন অধ্যায় । মঙলবাৰে বিয়লি ভাৰতীয় সেনাক অৰ্পণ কৰিলে দেশত নিৰ্মিত ধনুষ টোপ ।

"স্বদেশীয় বফৰ্চ" নামেৰে জনাজাত এই অস্ত্ৰৰ প্ৰায় 40 কিল'মিটাৰ পৰ্যন্ত লক্ষ্য অতিক্ৰম কৰাৰ ক্ষমতা আছে । তথ্য অনুসৰি বৰ্তমান ভাৰতীয় সেনালৈ 6 টা ধনুষ টোপ প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী এটা বছৰত অন্য 12 টা টোপ ভাৰতীয় সেনাক অৰ্পণ কৰা যাব । অস্ত্ৰবিধ মূলতঃ পাকিস্তান আৰু ভাৰতৰ সীমান্ততে ব্যৱহাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে । জব্বলপুৰস্থিত কাৰাখানাত নিৰ্মিত অস্ত্ৰবিধ এক সমাৰোহত অৰ্ডনেন্স ফেক্টৰী বৰ্ড চমুকৈ অ' এফ বিৰ অধ্যক্ষ সৌৰভ কুমাৰে সেনাক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে । সেনাৰ তৰফৰ পৰা অ' এফ বিক 114 টা ধনুষ টোপ তৈয়াৰ কৰিবলৈ জনোৱা হৈছে । বিশষত্ব অনুসৰি ধনুষ টোপৰ প্ৰায় 40 কিমি পৰ্যন্ত লক্ষ্য অতিক্ৰম কৰা ক্ষমতা থকাৰ উপৰিও 30 চেকেণ্ডত তিনি ৰাউন্জ ফায়াৰ ,3 ৰ পৰা 70 ডিগ্ৰী পৰ্যন্ত ঘূৰণৰ ক্ষমতা আছে ৷ 80 শতাংশ দেশীয় সামগ্ৰীৰে নিৰ্মিত 13 টনৰ ওজনৰ ধনুষ টোপৰ ব্যয় মূল্য প্ৰায় 16 কোটি টকা । 1987 চনত ভাৰতীয় সেনাত অন্তৰ্ভূক্ত হোৱা এই অস্ত্ৰ প্ৰথমবাৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে ৷ 155 এম এম-45 এম এমশক্তি সম্পন্নধনুষ টোপেই হৈছে প্ৰথমবিধ সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা থকা দেশত নিৰ্মিত অস্ত্ৰ ৷ বিগত বৰ্ষৰ জুন মাহত ৰাজস্থানৰ পোখৰাণত শেষবাৰৰ বাবে স্বদেশীয় বফৰ্চ নামেৰে জনাজাত অস্ত্ৰবিধৰ পৰীক্ষণ কৰা হৈছিল ৷ ৰাজস্থানৰ বাড়মেৰ , জেচলমেৰ , শ্ৰী গংগানগৰৰ লগতে জম্মু কাশ্মীৰ আৰু সীমান্তৰ উচ্চ অঞ্চল সমূহত অস্ত্ৰবিধ ব্যৱহাৰ কৰা হ'ব ৷ দেশৰ বিভিন্ন ঠাইৰ বিভিন্ন উষ্ণতাতধনুষৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে ৷

Intro:Body:

बारात लेकर आ रही क्रूजर ट्राले में घुसा

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.