ETV Bharat / bharat

মহানগৰসমূহত আমি বাহিৰে-ভিতৰে মেদবহুলঃ কৰ’না ভাইৰাছৰ প্ৰতিৰোধ মেদবহুলতাত ব্যৱহাৰ - মহানগৰসমূহত আমি বাহিৰে-ভিতৰে মেদবহুল

আমি বৰ্তমান চৰ্চিত কোভিড-১৯ ভাইৰাছৰ সৈতে এক তুলনা কৰিব বিচাৰিছোঁ । কোভিড-১৯ ভাইৰাছ প্ৰতিহত কৰাৰ বাবে যাতায়ত ব্যৱস্থা, অৰ্থনৈতিক, সামাজিক আৰু খাদ্য ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰি আমি জানো যে বনধ্বংস আৰু বন্যপ্ৰাণী আৰু মানুহৰ মাজত নিকট্ব বৃদ্ধি পোৱাৰ ফলত কভিড-১৯ আৰু এছ এ আৰ এছৰ দৰে জীৱজন্তুৰ পৰা বিয়পা ভাইৰাছবোৰৰ প্ৰকোপ বৃদ্ধি পাইছে । আমি ইয়াৰ বাবে মানুহক দোষাৰোপ কৰিব নোৱাৰোঁ বা কেতিয়াও কৰিব নালাগে ।

In cities, we are all obese  overtly or covertly
কৰ’না ভাইৰাছৰ প্ৰতিৰোধ মেদবহুলতাত ব্যৱহাৰ
author img

By

Published : Mar 15, 2020, 11:52 AM IST

৪ মাৰ্চত আমি বিশ্ব মেদবহুলতা দিৱস পালন কৰিছো । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ অনুসৰি ভাৰতৰ অধিকাংশ ৰাজ্যৰে গ্ৰাম্য আৰু চহৰাঞ্চল উভয়তে বিগত দহটা বছৰত মেদবহুলতা দুগুণ বৃদ্ধি পাইছে । উদাহৰণস্বৰূপে গোৱাত পুৰুষৰ ক্ষেত্ৰত ১৫ ৰ পৰা ৩২ শতাংশলৈ বৃদ্ধি পাইছে, তামিলনাডুত ১৪ ৰ পৰা ২৮ শতাংশ, গুজৰাটতত ১১ৰ পৰা ২০ শতাংশ, হাৰিয়ানাত ১০ ৰ পৰা ২০ শতাংশ আৰু আনকি বিহাৰতো ৬ ৰ পৰা ১২ শতাংশলৈকে বৃদ্ধি পাইছে মেদবহুলতা । মহিলাৰ ক্ষেত্ৰতো অন্ধ্ৰ প্ৰদেশত ১৭ ৰ পৰা ৩৩ শতাংশ, অৰুণাচল প্ৰদেশত ৮ ৰ পৰা ১৮ শতাংশ, মণিপুৰত ১৩ ৰ পৰা ২৬ শতাংশ, হিমাচল প্ৰদেশত ১৩ ৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি পাইছে মেদবহুলতা । ভাৰতত মেদবহুলতাই বহু সম্ভাৱনা নষ্ট কৰিছে । আমি সকলোৱে জানো যে, আমি মধুমেহ ৰোগৰ বিৰুদ্ধে যুঁজিব লগা হৈছে । ভাৰতত মধুমেহৰ মূল কাৰণ হিচাপে মেদবহুলতা চিনাক্ত হৈছে । ভাৰতৰ ১০০ জন মেদবহুল প্ৰাপ্তবয়স্ক লোকৰ (২০ বছৰ বয়সৰ ঊৰ্ধৰ) ৩৮ জনৰেই মধুমেহ বা ডায়েবেটিছ ৰোগ আছে । বিশ্বত ২০১৭৬ চনত ইয়াৰ গড় হাৰ আছিল ১৯ ৷ যদিও ২৫ৰ অধিক বি এম আইক মেদবহুল বুলি ধৰা হয়, ইয়াৰ উপৰি এনে বহুসংখ্যক লোক আছে যাৰ শৰীৰ তথা পেটৰ আশে-পাশে বহু পৰিমাণেো চৰ্বি থাকে । পুৰুষৰ ক্ষেত্ৰত ৯০ চেণ্টিমিটাৰ আৰু মহিলাৰ ক্ষেত্ৰত ৮০ চেণ্টিমিটাৰৰ ককাল থকাসকলক মেদবহুল বুলি ধৰা হয় । তেওঁলোকৰ মধুমেহ, উচ্চ ৰক্তচাপ, কলেষ্টৰেল বৃদ্ধি, হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা অধিক থাকে ।

আমি বৰ্তমান চৰ্চিত কোভিড-১৯ ভাইৰাছৰ সৈতে এক তুলনা কৰিব বিচাৰিছোঁ । কোভিড-১৯ ভাইৰাছ প্ৰতিহত কৰাৰ বাবে যাতায়ত ব্যৱস্থা, অৰ্থনৈতিক, সামাজিক আৰু খাদ্য ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰি আমি জানো যে বনধ্বংস আৰু বন্যপ্ৰাণী আৰু মানুহৰ মাজত নিকট্ব বৃদ্ধি পোৱাৰ ফলত কভিড-১৯ আৰু এছ এ আৰ এছৰ দৰে জীৱজন্তুৰ পৰা বিয়পা ভাইৰাছবোৰৰ প্ৰকোপ বৃদ্ধি পাইছে । আমি ইয়াৰ বাবে মানুহক দোষাৰোপ কৰিব নোৱাৰোঁ বা কেতিয়াও কৰিব নালাগে । মেদবহুলতাৰ বাবেও মানুহক দোষাৰোপ কৰাটো বন্ধ কৰক । তাৰ সলনি যাতায়ত, অৰ্থনৈতিক আৰু খাদ্য ব্যৱস্থাৰ সংশোধন কৰক যিবোৰ হৈছে ইয়াৰ মূল কাৰণ । স্মাৰ্ট চিটিবোৰ মেদবহুলতা বৃদ্ধিকাৰী হোৱাৰ সলনি প্ৰথমে মেদবহুলতা প্ৰতিহতকাৰী হ’ব লাগে । এখন চহৰত মেদবহুলতা বৃদ্ধিৰ উপায় থাকিলে ই প্ৰদূষণ নিয়ন্ত্ৰণতো সহায় কৰিব । বায়ু প্ৰদূষণ মেদবহুলতা, বিশেষকৈ শিশুৰ মেদবহুলতাৰ অন্যতম কাৰণ । আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ৰাজহ, খাদ্য আৰু কৃষি পদ্ধতি যিয়ে স্বাস্থ্যকৰ খাদ্য আৰু পানীয়, সতেজ ফলমূল আৰু পাচলি, মাহ, দাইল, নাৰিকল-বাদাম আদি সকলো আৰ্থ-সামজিক শ্ৰেণীৰ একোজন মানুহৰ সমগ্ৰ জীৱনছোৱাৰ দৈনন্দিন জীৱনত কম দামত সহজে উপলব্ধ কৰায় তেনে ধৰণৰ নীতিক গ্ৰহণ কৰিব লাগে । শিশুৰ বাবে অস্বাস্থ্যকৰ খাদ্য আৰু পানীয়ৰ বিক্ৰী নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ । একেদৰে নগৰীয়া বনাঞ্চল আৰু নগৰীয়া কৃষি সকলো পৰকল্পনাতে বাধ্যতামূলকেভাৱে অন্তৰ্ভুক্ত কৰাটো অতি দৰকাৰ । দৈনিক শাৰীৰিক কাৰ্যকলাপৰ মেদবহুলতা নিয়ন্ত্ৰণত ডাঙৰ ভূমিকা আছে । আমি সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ‘ফিট ইণ্ডিয়া’ আন্দোলন আৰম্ভ কৰিবলৈ অনুৰোধ জনাই আহিছিলো । এনে এক পৰিৱেশ প্ৰদানেৰে যি পৰিৱেশে ‘ফিট মহানগৰ’, ‘ফিট যাতায়ত’, ‘ফিট বিনোদন’, ‘ফিট বিদ্যালয়’, ‘ফিট কৰ্মস্থলী’ৰ সৃষ্টি কৰে তাৰ জৰিয়তে ফিটনেছ লাভ কৰিব পাৰি । ভাৰতত ফিটনেছক ‘মেক ইন ইণ্ডিয়া’ হিচাপে গঢ়িব লাগিব ।

‘ফিট যাতায়ত’ মানে ‘ফিট ফুটপাথ’ আৰু ‘ফিট ৰাস্তা’ বুজায় । ৰেম্পসহ ৬ ইঞ্চতকৈ অধিক উচ্চতাৰ নোহোৱা পৰ্যাপ্ত বহল ফুটপাথসমূহ ফিট ফুটপাথ । ৰাস্তাৰ দুয়োকাষে আৰু ফুটপাথত সেউজীয়াৰ আচ্ছাদন যিয়ে প্ৰাকৃতিক এয়াৰ কণ্ডিছনাৰ আৰু অক্সিজেন ছিলিণ্ডাৰ হিচাপে কাম কৰে আৰু প্ৰচুৰ গৰমত শিশু, মহলিা, যুৱক-যুৱতী বা বৃদ্ধ লোকসকলক আৰাম দিয়ে তাৰ ব্যৱস্থা কৰিব লাগে । তাৰ লগতে কম দূৰত্বত বেঞ্চৰ ব্যৱস্থা, খোৱাপানীৰ সুবিধা থাকিব লাগে । তাৰোপৰি নিৰ্দিষ্ট দূৰত্বত জেব্ৰা ক্ৰছিং, পৰ্যাপ্ত সংখ্যক ছিগনেল যাতে সকলো বয়সৰ বা সকলো শ্ৰেণীৰ লোকে সহজে ৰাস্তা পাৰ হ’ব পাৰে তাৰ ব্যৱস্থা থকাটো ফিট ৰাস্তাৰ বাবে প্ৰয়োজন । মমটৰ কেৰিজৱেজৰ সংখ্যা ১-২ লৈ সীমাবদ্ধ কৰি ৰাখিলে পথচাৰীৰ সন্মান বৃদ্ধি তথা মানুহক খোজ কাঢ়িবলৈ বা চাইকেল চলাবলৈ আকৰ্ষিত কৰিব । ই লগতে সমতা, নৈতিকতা, আৰু ন্যায়ক সমৰ্থন কৰে (আমি বহু লেন ৰাস্তাক অনুমতি দিয়া উচিত নহয়) । ফিট যাতায়তৰ বাবে মানসম্পন্ন, উপযুক্ত ক্ষমতাসম্পন্ন ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন যিয়ে ব্যৱহাৰকাৰীৰ ফিটনেছ উন্নত কৰে । ৰাজহুৱা যাতায়ত ব্যৱস্থা ব্যৱহাৰ কৰা লোকসকলে প্ৰতি দিনে ৮ ৰ পৰা ৩৩ মিনিটলৈকে খোজ কাঢ়ে । ফিট বিনোদনৰ বাবে ০.৪ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত নগৰীয়া বনাঞ্চল বা ডাঙৰ পাৰ্কৰ পৰ্য়োজন যাতে প্ৰতিগৰাকী লোকে সকলো বয়সতে ফিটনেছক বিনোদনৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ হয় । ফিট বিল্ডিঙৰ বাবে উপযুক্ত ছেট-অফ্, সেউজীয়া অঞ্চল, গছ-গছনি, ৰেলিংসহ আহল-বহল ছিৰি, সনমুখ ভাগত আন আন আকৰ্ষণীয় বস্তুৰ লগতে লাইটিং (বিল্ডিঙৰ পাছফালৰ সলনি) থাকিব লাগে । ফিট সামাজিক নিয়মত খোজ কঢ়া, সুস্থ-সবল থকাটো সামাজিকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে । ভাৰতৰ সকলো চহৰ আৰু গাঁৱতে সকলো সুবিধা থকা কলা-সংস্কৃতি কেন্দ্ৰ আৰু নৃত্য বিদ্যালয়ে সকলো বয়সৰ লোকৰ মাজতে ফিটনেছ আৰু ফিছনেছ বিনোদন নিশ্চিত কৰিব । ফিট বিদ্যালয়ৰ বাবে ডাঙৰ খেলপথাৰ আৰু সা-সুবিধা, নৃত্যৰ সুবিধা আৰু শিক্ষক, খেলাধূলা আৰু নৃত্যত অংশগ্ৰহণৰ বাবে বিশেষ পুৰস্কাৰ আৰু শাৰীৰিক প্ৰশিক্ষণ আৰু নৃত্যৰ শিক্ষা বাধ্যতামূলক কৰাটো প্ৰয়োজন । ফিট কৰ্মস্থলীয়ে তেওঁলোকৰ পৰিৱেশ আৰু নীতিত শাৰীৰিক ক্ৰিয়াকলাপক উদগণি যোগাব লাগে । ফিটনেছ সকলো বয়সৰ প্ৰতি গ্ৰহণযোগ্য হ’ব লাগে । এনে কৰিলে আমাৰ লক্ষ্য-উদ্দেশ্য আৰু ইয়াৰ সাধনত আমাক প্ৰকৃততে উন্নত কৰি তুলিব ।

ডা০ ছিফালিকা গোৱেংকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.