ETV Bharat / bharat

বয়স্কৰ ওপৰত কোভিড-19ৰ প্ৰভাৱ তথা তাৰ প্ৰতিকাৰৰ উপায় - COVID-19

যিসকল লোকে কৰ‘ণা ভাইৰাছত আক্ৰান্ত বয়স্কসকলৰ চোৱাচিতা কৰি আছে তেওঁলোক অত্যধিক পৰিমানে সাৱধানে থাকিব লাগে ৷ যিহেতু বয়স্ক সকলৰ ক্ষেত্ৰত কৰ‘ণা ভাইৰাছৰ প্ৰভাৱ অধিক বেছি হোৱা দেখা যায়, সেইফালৰ পৰা এইদৰে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী ৷

বয়স্কৰ ওপৰত কোভিড-19ৰ প্ৰভাৱ তথা তাৰ প্ৰতিকাৰৰ উপায়

author img

By

Published : Apr 5, 2020, 3:03 PM IST

হায়দৰাবাদঃ যিসকল লোক 60ৰ উৰ্ধৰ তেওঁলোক কোভিড-19ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক ৷ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যুৱকালৰ সময়চোৱাৰ দৰে হৈ নাথাকে আৰু মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু অন্যান্য ৰোগৰ দ্বাৰা এইটো বয়সত অধিক লোক আক্ৰান্ত হৈ থাকে যিয়ে তেওঁলকৰ প্ৰতি অধিক বিপদ কঢ়িয়াই আনিব পাৰে ৷

বিভিন্ন দেশৰ অধ্যয়নত এইটো স্পষ্ট হৈ পৰিছে যে, বয়স্কসকলৰ ক্ষেত্ৰত কোভিড-19 অধিক আক্ৰমকৰূপে দেখা দিয়ে ৷ যিসকল লোকে কৰ‘ণা ভাইৰাছত আক্ৰান্ত বয়স্কসকলৰ চোৱাচিতা কৰি আছে তেওঁলোক অত্যধিক পৰিমানে সাৱধানে থাকিব লাগে ৷ যিহেতু বয়স্ক সকলৰ ক্ষেত্ৰত কৰ‘ণা ভাইৰাছৰ প্ৰভাৱ অধিক বেছি হোৱা দেখা যায়, সেইফালৰ পৰা এইদৰে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী ৷

এইটো অত্যন্ত জৰুৰী যে, এইসকল বয়স্ক লোকৰ প্ৰতি চোৱাচিতা কৰাটোৰ সমানে চোৱাচিতা কৰা লোকসকলেও নিজৰ হাত সঘনাই ধুই থাকিব লাগে আৰু হাত ধোৱাৰ আগত আৰু পিচত এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে ৷

চোৱাচিতা কৰা লোকসকলে কাঁহ আৰু হাঁচিওৱাৰ ক্ষেত্ৰত টিছু পেপাৰ ব্যৱহাৰ কৰাটো জৰুৰী ৷ ঘৰৰ বিভিন্ন স্থানক স্পৰ্শ কৰি থকা দেহৰ অংগসমূহ চাবোন আৰু পানীৰে ধুৱাটো সমানে জৰুৰী ৷

ইয়াৰ ভিতৰত স্বাস্থ্যজনিত সৰঞ্জাম আছে যিসমূহ বয়স্ক লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ ঘুৰা ফুৰা কমি যোৱাৰ ফলতে বয়স্ক লোকসকলে বাহিৰৰ পৃথিৱীখনলৈ অধিক ওলাই যাব নোৱাৰে ৷ সেয়েহে সামাজিকভাৱে তেওঁলোকৰ লগত সংযোগ স্থাপন কৰি তেওঁলোকৰ মনোবল আৰু মন সক্ৰিয় কৰি ৰখাৰ চেষ্টা কৰিব লাগে ৷

আত্মীয় স্বজন অথবা বন্ধুৰ ভ্ৰমণ কমাই দি দুৰ্বল হৈ পৰাৰ পৰা আঁতৰত অৱস্থান কৰিব পাৰি ৷ আত্মীয় স্বজন অথবা বন্ধুৰ ঘৰলৈ নগৈ তেওঁলোকৰ সৈতে ফোনযোগেও কথা বাৰ্তা হ‘ব পাৰি ৷ বাহিৰৰ পৃথিবীৰ খবৰ প্ৰদান কৰি প্ৰতিৱেশীৰ সৈতে আলোচনা, ঘৰুৱা সহায়কাৰী, পোষ্টমেন অথবা অন্যান্যসকলে এইক্ষেত্ৰত সামাজিক দুৰত্ব কমাই আনিব পাৰে ৷ বয়স্কসকলে শিশুসকলৰ সৈতে খেল খেলি অধিক আনন্দ উপভোগ কৰে ৷ কিন্তু এইক্ষেত্ৰত মনত ৰখা উচিত যে শিশুসকলৰ ক্ষেত্ৰত কোভিড-19ৰ প্ৰভাৱো অধিক পৰে ৷ এনেকুৱা পৰিস্থিতিত শিশুসকলে 1-2 মিটাৰ দুৰত্ব অৱলম্বন কৰি বয়স্কসকলৰ সৈতে আনন্দ উপভোগ কৰিব পাৰে ৷ যদিহে শিশুসকলে অসুখী অনুভৱ কৰে তেতিয়াহ‘লে তেওঁলোক সুস্থ হৈ নুঠালৈকে আঁতৰত ৰাখিব লাগে ৷

বয়স্কসকলে ভিডিঅ‘ৰ সুবিধা থকা টেলিফোন অথবা কম্পিউটাৰৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বন্ধদু অথবা পৰিয়ালৰ সৈতে সংযোগত থাকিব পাৰে ৷ যিসকলৰ শুনাৰ ক্ষমতা কম, তেওঁলোকৰ ক্ষেত্ৰত বিশেষ এপৰ সুবিধা গ্ৰহণ কৰিব লাগে ৷ এইক্ষেত্ৰত বয়স্কসকলৰ স্বাস্থ্যৰ খবৰ ল‘বলৈ মেছেজ, চিঠি, অথবা ফোনৰ দ্বাৰা সঘনাই তেওঁলোকৰ আত্মীয়সকলৰ যোগাযোগ ৰাখিবলৈ পৰিয়ালৰ লোকে সুবিধা প্ৰদান কৰিব পাৰে ৷

যিহেতু ধৰ্মীয় উপাসনাৰ স্থলসমূহ বন্ধ হৈ পৰিছে, এইটো মনত ৰখা উচিত যে, বয়স্কসকলৰ ক্ষেত্ৰত অন্য উপায়ে ধৰ্মীয় ক্ষেত্ৰখনত সংযোগ ৰক্ষা কৰাৰ ব্যৱস্থা প্ৰদান কৰাটো ৷ ইয়াৰ ভিতৰত অনলাইন ছিজনচ, টিভি প্ৰগ্ৰেম আৰু ধৰ্মীয় অনুষ্ঠানৰ লোকলৈ ফোনকলৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ৷ কম পৰিমানৰ ব্যায়াম, যোগ, উশাহ-নিশাহৰ ব্যায়াম, মেডিটেশ্বন আৰু প্ৰাৰ্থনা কৰিও ধৰ্মীয় বিশ্বাস শক্তিশালী কৰি ৰাখিব পাৰি ৷ যেতিয়া বয়স্কসকলে টিভি উপভোগ কৰি থাকে সেইক্ষেত্ৰত টিভি চোৱাৰ সময় কম কৰি দিব লাগে যাতে, টিভিত আহি থকা কোভিড-19ৰ বাতৰিয়ে তেওঁলোকক অস্থিৰ কৰি তুলিব নোৱাৰে ৷

এইখিনি সময়তে পৰিয়ালৰ লোকসকলে বয়স্কসকলৰ সৈতে কথা পাতি তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিব পাৰে ৷ এইক্ষেত্ৰত পৰিয়ালৰ লোকসকলে বয়স্কসকলক ফেমিলী এলবাম আৰু ৰন্ধা-বঢ়াত সহায় কৰিবলৈ দিব পাৰে ৷

এইখিনি অসুস্থতাৰ সময়ত, স্বাস্থ্য়জনিত সহায়ৰ বাবে পৰিকল্পনা কৰাটোও সমানে জৰুৰী ৷ বয়স্কসকলক চোৱাচিতা কৰাসকলৰ স্থানীয় ক্লিনিক, চিকিৎসালয় আৰু ফাৰ্মাচীৰ বিষয়ে ধাৰণা থকাটো অতিকে গুৰুত্বপূৰ্ণ ৷ 2-3 মাহৰ বাবে ঔষধ মজুত কৰি ৰাখি এইক্ষেত্ৰত যাতে কোনো নাটনিৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে ৷

এইক্ষেত্ৰত চোৱাচিতা কৰা ব্যক্তিগৰাকীয়ে এগৰাকী আত্মীয়ৰ সৈতে যোগাযোগত থাকিব লাগে ৷ যদিহে কিবা কাৰণত তেওঁ অসুস্থ হৈ পৰে তেতিয়া ততালিকে স্বাস্থ্যসেৱা লাভ কৰিব পৰাকৈ যোগাযোগত থাকিব লাগে ৷ উদাহৰণস্বৰূপে মোৰ 92 বছৰীয়া মাতৃয়ে বেছি ঘুৰা ফুৰা কৰিব নোৱাৰে আৰু তেওঁ দীৰ্ঘদিন ধৰিয়ে অসুস্থ হৈ আছে ৷ তাৰ মাজতো তেওঁ ৰন্ধা-বঢ়াত সহায় কৰা, পৰিয়ালৰ বিষয়ত উপদেশ প্ৰদান কৰা আৰু তেওঁৰ শিশুকালৰ কথা শুনোৱাত ব্যস্ত থাকে ৷ আমি তেওঁক আমাৰ পৰিয়ালৰ শিশুসকলৰ সৈতে যোগাযোগ কিছু সীমাবদ্ধ কৰি ৰাখিছো, যদিও আমি সদায় তেওঁক শিশুসকলৰ সৈতে গান-গোৱা, ধেমেলীয়া সাধু কোৱা আৰু কেৰম আদি খেলাৰ ক্ষেত্ৰত সামাজিক দুৰত্ব বৰ্তাই ৰাখি সুবিধা প্ৰদান কৰিছো ৷

কোভিড-19 লকডাউনৰ ফলতে বহুতৰে বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিছে আৰু দীঘলীয়া শাৰিৰীক দুৰত্ব প্ৰদান কৰিছে ৷ এই শাৰিৰীক দুৰত্বই সামাজিক দুৰত্বক নুবুজায় আৰু পৰিয়ালসমূহে নিজৰ বয়স্ক সদস্যসকলৰ সৈতে মিলি উদ্ভাৱনীমুলক আৰু অন্যান্য দিশত ব্যস্ত থাকি এই অস্থিৰতা দুৰ কৰাৰ লগতে তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্য স্থিৰ কৰি ৰাখিব পাৰে ৷

প্ৰৱন্ধটিৰ লেখক ডাঃ ভি ৰামানা ধাৰা, এমডি, হায়দৰাবাদস্থিত Indian Institute of Public Health এগৰাকী অধ্যাপক ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.