ETV Bharat / bharat

ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন - 333 গৰাকী ভাৰতীয় আৰু 90 গৰাকী বিদেশী কেডেট

IMA ৰ পাছিং আউট পেৰেডত এই বৰ্ষত সৰ্বাধিক উত্তৰ প্ৰদেশৰ পৰা 66 গৰাকী কেডেটে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 39 গৰাকীকৈ কেডেট উত্তীৰ্ণ হৈ দ্বিতীয় স্থানত আছে হাৰিয়ানা ৷

IMA ৰ পাছিং আউট পেৰেড
ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেডৰ আয়োজন
author img

By

Published : Jun 13, 2020, 10:10 AM IST

নেশ্যনেল ডেস্ক, 13 জুন : আজি অনুষ্ঠিত IMA ৰ পাছিং আউট পেৰেডত 423 গৰাকী কেডেটে অংশগ্ৰহণ কৰে ৷ ইয়াত আছে 333 গৰাকী ভাৰতীয় আৰু 90 গৰাকী বিদেশী কেডেট ৷ আজি ভাৰতীয় প্ৰতিৰক্ষা একাডেমীৰ (NDA) ৰ পৰা উত্তীৰ্ণ হৈ 333 গৰাকী কেডেট ভাৰতীয় সেনাৰ শীৰ্ষ পদত অধিস্থিত হ'ব ৷ IMA ৰ পাছিং আউট পেৰেডত এই বৰ্ষত সৰ্বাধিক উত্তৰ প্ৰদেশৰ পৰা 66 গৰাকী কেডেটে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 39 গৰাকীকৈ কেডেট উত্তীৰ্ণ হৈ দ্বিতীয় স্থানত আছে হাৰিয়ানা ৷

ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেডৰ আয়োজন

ইয়াৰ পাচতে আছে বিহাৰ (31), পঞ্জাৱ (25), মহাৰাষ্ট্ৰ (19), হিমাচল প্ৰদেশ (14), জম্মু-কাশ্মীৰ (14), ৰাজস্থান (13), মধ্য প্ৰদেশ (13), কেৰালা (8), গুজৰাট (8), দিল্লী (7), কৰ্ণাটক (7), পশ্চিম বংগ (6), অন্ধ্ৰ প্ৰদেশ(4), ছত্তিশগড় (4), ঝাৰখণ্ড (4), মণিপুৰ (4), ছণ্ডীগড় (3), অসম (2), উড়িশা (2), তামিলনাডু (2), তেলেংগানা (2), মেঘালয় (1), মিজোৰাম (1) আৰু লাডাখ (1) ৷

ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেডৰ আয়োজ
দেশৰ বিভিন্ন ৰাজ্যৰ উত্তীৰ্ণ কেডেট

অন্যান্য দেশৰ উত্তীৰ্ণ কেডেটসকল হৈছে - আফগানিস্তানৰ 48, ভূটানৰ 13, ফিজিৰ 2, মালদ্বীপৰ 3, মৰিছাচৰ 3, নেপালৰ 3, পাপুৱা নিউ গিনিৰ 1, শ্ৰীলংকাৰ 1, ভিয়েটনামৰ 1 আৰু তাজাকিস্তানৰ 18 গৰাকী ৷

ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেডৰ আয়োজন
বিদেশৰ উত্তীৰ্ণ কে়ডেট

উল্লেখ্য যে, 1932 চনৰ 1 অক্টোবৰত 40 গৰাকী কেডেটেৰে IMA স্থাপন কৰা হৈছিল আৰু 1934 চনত প্ৰথমটো বেটছ উত্তীৰ্ণ হৈছিল ৷ 1971 চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ নায়ক ফিল্ড মাৰ্শ্বাল জেনেৰেল ছেম মানেকশা এই একাডেমীৰে ছাত্ৰ আছিল ৷ বৰ্তমানলৈকে দেশ-বিদেশৰ 62,139 গৰাকীয়ে IMA ৰ পৰা উত্তীৰ্ণ হৈছে ৷ IMA ত প্ৰতি বছৰে জুন আৰু ডিচেম্বৰ মাহত পাছিং আউট পেৰেডৰ আয়োজন কৰা হয় ৷

সৰ্বাধিক উত্তৰ প্ৰদেশৰ 66 গৰাকী কেডেট
ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেডৰ আয়োজন

লগতে পঢ়ক : Unlock-1 ত চৰকাৰৰ ছবি সম্বলিত নিৰ্দেশাৱলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.