নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰীঃ বিশিষ্ট আইএফএছ বিষয়া সঞ্জীৱ চতুৰ্বেদী পুনৰ চৰ্চালৈ আহিছে ৷ এইবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ তথ্য জনাৰ অধিকাৰৰ আবেদন দাখিল কৰি চৰ্চালৈ আহিছে সৰ্বভাৰতীয় সেৱাৰ বিষয়াগৰাকী ৷ হিমাচল প্ৰদেশত কৰ্মৰত বিষয়াগৰাকীয়ে ক'লাধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰিছিল এখন আবেদন ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়াগৰাকীক ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত চূড়ান্তৰূপে ব্যৰ্থ হয় ৷ যাৰ ফলশ্ৰুতিত ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন প্ৰদান কৰে বিষয়াগৰাকীয়ে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সন্ত্ৰাসবাদকে ধৰি বিদেশত থকা ক'লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়াকৈ এগৰাকী আৰটিআই কৰ্মী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়া সঞ্জীৱ চতুৰ্বেদীয়ে দাখিল কৰা আবেদনৰ উত্তৰ প্ৰদানত চূড়ান্তৰূপে ব্যৰ্থ হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ৷ ফলশ্ৰুতিত বিষয়াগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় ৷ ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে ৷
2017 চনতে প্ৰদান কৰা আবেদনখনত, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বিদেশৰ পৰা কিমান পৰিমানৰ ক'লা ধন ঘুৰাই আনিবলৈ সক্ষম হৈছে আৰু চৰকাৰৰ কিমানগৰাকী মন্ত্ৰী ক'লাধনৰ দুৰ্নীতিত লিপ্ত হৈ আছে ৷ ইয়াৰ উপৰিও মন্ত্ৰী পৰিষদৰ কিমানগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে এইসন্দৰ্ভত অভিযোগ দাখিল হৈছে সেয়াও জানিবলৈ বিছৰা হৈছিল ৷ ইয়াৰ পিচতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে গোপনীয়তা ভংগ হোৱাৰ কাৰণ দেখুৱাই তথ্য জনাৰ আবেদনখন খাৰিজ কৰিছিল ৷ ইয়াৰ পিচতে সঞ্জীৱ চতুৰ্বেদীৰ অধিবক্তা প্ৰশান্ত ভুষণে সমগ্ৰ ঘটনাটো উচ্চতম ন্যায়ালয়ৰ আঁওতালৈ আনে ৷ উচ্চতম ন্যায়ালয়ত হোৱা শুনানিৰ অন্তত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক সমগ্ৰ ঘটনাটোৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় ৷