ETV Bharat / bharat

মাজসাগৰত আৱদ্ধ মাছমৰীয়াৰ দল উদ্ধাৰ উপকূলৰক্ষী বাহিনীৰ - Rescue of stranded Boats

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সাগৰীয় নিৰীক্ষণকাৰী জাহাজ আইচিজিএছ বিক্ৰমে উদ্ধাৰ কৰে দুখনকৈ মাছমৰীয়া নাও ৷ দুয়োখন নাওতে প্ৰায় 20গৰাকী মাছমৰীয়া আছিল বুলি উপকূলৰক্ষী বাহিনীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে ৷

ICGS Vikram
author img

By

Published : Jun 4, 2019, 6:22 PM IST

নিউজ ডেস্ক, 4 জুনঃ সোমবাৰে নিশাৰ পৰাই মাজসাগৰত আৱদ্ধ হৈ থকা দুখনকৈ নাওক সুকলমে উদ্ধাৰ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ৷ তামিলনাডুৰ পঞ্জীয়নভূক্ত নাওদুখনৰ বিষয়ে সোমবাৰে নিশা প্ৰায় 10 বজাতে কন্যাকুমাৰীস্থিত সাগৰীয় আৰক্ষী চকীয়ে খবৰ লাভ কৰিছিল ৷

অধিক পঢ়কঃ ওমলা চোতালত নিৰৱ নিথৰ নীৰজৰ শেষকৃত্য

পৰৱৰ্তী সময়ত কিল্টান দ্বীপত আৱদ্ধ হৈ থকা নাও দুখন বিচাৰি সাগৰীয় আৰক্ষীৰ সৈতে লগ লাগি উদ্ধাৰ অভিযানত নামি পৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এটি দল ৷ এই উদ্ধাৰ অভিযানত বাহিনীটোৱে ব্যৱহাৰ কৰে নিৰীক্ষণকাৰী জাহাজ আইচিজিএছ বিক্ৰম ৷ যথা সময়ত নিৰ্দিষ্ট স্থানত গৈ উপস্থিত হোৱা উপকূলৰক্ষী বাহিনীৰ দলটোৱে দুয়োখন নাওৰ লগতে নাওত থকা 20 গৰাকী মাছমৰীয়াক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.