নেশ্যনেল ডেস্ক, 12 অক্টোবৰ: নিশাৰ ভাগত উদ্ভৱ হ'ব পৰা যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ বাবে সাজু হৈছে ভাৰতীয় বায়ুসেনা ৷ নিশাৰ ভাগত আইএএফ বিমানসমূহ পৰিলক্ষিত হোৱাৰ লগতে বায়ুসেনাৰ বহুতো বিমানৰ গুজৰণি একে সময়তে শুনিবলৈ পোৱা গৈছে ৷ এমআই-29, চিনুক, এমআই-17 আৰু পাতল ওজনৰ বিমান ধ্ৰুৱ লেহ বিমানঘাটিত নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে ৷
লেহ বিমানঘাটিত নিশাৰ ভাগৰ সকলো বিমান উৰন পৰিচালনা কৰি থকা এগৰাকী বায়ুসেনা বিষয়াই কয় যে, "আমি যিকোনো পৰিস্থিতিতে নিশাৰ ভাগত আমাৰ বিমান চলাবলৈ সাজু আছো ৷ আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত পাইলটসকল কেৱল দক্ষই নহয়, অঞ্চলটোত নিশাৰ ভাগতো বিমান চলোৱলৈ সাজু থকা তেওঁলোক একো একোজন উচ্চ পৰ্যায়ৰ পেচাদাৰী লোক ৷"
অন্য অঞ্চলৰ তুলনাত লেহৰ পৰা ৰাতিৰ ভাগত যিকোনো অপাৰেশ্যনত যোৱাটো যথেষ্ঠ পৃথক কিয়নো এই অঞ্চলত উচ্চতা, অক্সিজেনৰ অভাৱৰ দৰে বহুতো কঠিন প্ৰত্যাহ্বানে যিকোনো সময়তে খাপ পিটি ৰৈ থাকে ৷ ইয়াত তাপমান যথেষ্ঠ কম ৷ এনে পৰিপ্ৰেক্ষিতত নিশাৰ ভাগত ঘাটক পাহাৰবোৰৰ সৈতে ইয়াত কাম কৰাটো যথেষ্ঠ প্ৰত্যাহ্বানমূলক ৷ অৱশ্যে ভাৰতীয় বায়ুসেনাই একে সময়তে দুটাকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সক্ষম ৷ প্ৰথমতে শত্ৰু আৰু দ্বিতীয়তে কঠিন পৰিস্থিতি ৷
শীত কালছোৱাই ভাৰতীয় বায়ুসেনাৰ বাবে বৰফৰ বৃষ্টিৰ লগতে স্বল্প দৃশ্যমানতাই আৰু অধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি শংকা প্ৰকাশ কৰা হৈছে যদিও সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভাৰতীয় বায়ু সেনা সম্পূৰ্ণৰূপে সাজু হৈছে ৷
লগতে পঢ়ক: আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে