নেশ্যনেল ডেস্ক, 29 মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'ৰ 63 সংখ্য়ক খণ্ডৰ জৰিয়তে দেশৰ দুখীয়া শ্ৰেণীক ক্ষমা ভিক্ষা মাগে ৷ তেওঁ কয় যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ সঁচাকৈয়ে কঠিন আৰু দেশক সুৰক্ষিত কৰি ৰাখিবৰ বাবে কিছুমান নিষ্ঠুৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগা হৈছে ৷
21 দিনীয়া লকডাউনৰ সময়ত 'মন কী বাত'ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি কয়, "দেশৰ সুৰক্ষাৰ বাবেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগা হৈছে ৷ যিহেতু ৰোগবিধৰ আৰম্ভণিতে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বহু প্ৰয়োজন, অন্যথা ইয়াৰ চিকিৎসা কৰা অসম্ভৱ হৈ পৰিব ৷"
দেশৰ নাগৰিক বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকৰ পৰা ক্ষমা ভিক্ষা মাগি তেওঁ কয়, "লকডাউনৰ দৰে সিদ্ধান্ত লোৱা বাবে আপোনালোকে বহু কষ্টৰ সন্মুখীন হ'বলগা হৈছে ৷ বিশেষকৈ মোৰ দুখীয়া শ্ৰেণীৰ ভাতৃ-ভগ্নীসকলে ৷ আমাক কষ্টত পেলোৱা এইজন কেনেধৰণৰ প্ৰধানমন্ত্ৰী বুলি তেওঁলোকে নিশ্চয় ভাবিছে ৷"
"কোনেও এনে ধৰণৰ কঠোৰ ব্যৱস্থা ভাল নাপায়, কিন্তু, বিশ্বজুৰি এনে সংকটৰ উদ্ভৱ হোৱা বাবে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এয়াই একমাত্ৰ উপায় আছিল ৷ কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বই লকডাউন পালন কৰিছে, সেয়েহে ভাৰতেও একে উপায় অৱলম্বন কৰিছে ৷"
"এয়া সকলোৰে বাবে প্ৰত্যাহ্বানৰ সময়, বিজ্ঞান আৰু জ্ঞান,ধনী আৰু দুখীয়া, শক্তিশালী আৰু দুৰ্বল সকলোৰে বাবে ৷ এয়া কেৱল এখন দেশ, এটা অঞ্চল অথবা বতৰতে আৱদ্ধ নহয় ৷ এই ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সেয়েহে মানৱ সমাজে একগোট হৈ এই ভাইৰাছক আঁতৰাই পঠাবলৈ চেষ্টা কৰা উচিত," মোডীৰ মন্তব্য ৷
আৰু পঢ়ক :