ETV Bharat / bharat

মই কেতিয়াও শ্ৰমিক বিশেষ ৰেলক "কৰ'ণা এক্সপ্ৰেছ" বুলি কোৱা নাইঃ মমতা বেনাৰ্জী - জন সম্ভৱ ৰেলী

"বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা পশ্চিমবংগৰ শ্ৰমিকসকলক 'কৰ'ণা এক্সপ্ৰেছ' বুলি কৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অপমান কৰিছে। এদিন এই ৰেলে আপোনাক ৰাজ্যৰ পৰা বাহিৰ কৰিব"- অমিত শ্বাহ।

 Bengal Chief Minister Mamata Banerjee
I never called migrant rains corona express public said it: mamata denies amit shahs charges
author img

By

Published : Jun 10, 2020, 8:24 PM IST

নিউজ ডেস্ক, ১০ জুনঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'শ্ৰমিক বিশেষ ৰেল'ক 'কৰ'ণা এক্সপ্ৰেছ' নামেৰে নামাকৰণ কৰা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে উল্লেখ কৰিছিল। এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে সংবাদ মেল সম্বোধন কৰি কয় যে, "মই কেতিয়াও শ্ৰমিক বিশেষ ৰেলক কৰ'ণা এক্সপ্ৰেছ বুলি কোৱা নাই। এই কথা ৰাইজে কৈছে।" গৃহমন্ত্ৰীগৰাকীৰ অভিযোগ অস্বীকাৰ কৰি এই কথা উল্লেখ কৰে মমতা বেনাৰ্জীয়ে।

I never called migrant rains corona express public said it: mamata denies amit shahs charges
মই কেতিয়াও শ্ৰমিক বিশেষ ৰেলক "কৰ'ণা এক্সপ্ৰেছ" বুলি কোৱা নাইঃ মমতা বেনাৰ্জী

মঙলবাৰে পশ্চিমবংগত 'জন সম্ভৱ ৰেলী'ত অংশগ্ৰহণ কৰি বিজেপি নেতা অমিত শ্বাহে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোছনা কৰিছিল। লক ডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ শ্ৰমিকসকলৰ বাবে চৰকাৰে প্ৰদান কৰা শ্ৰমিক বিশেষ ৰেলক লৈ মমতা বেনাৰ্জীয়ে বিৰূপ মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত কৰিছিল। লগতে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যখনলৈ ১১০০০ কোটি টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল অমিত শ্বাহে।

বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা ৰাজ্যখনৰ শ্ৰমিকসকলক 'কৰ'ণা এক্সপ্ৰেচ' বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অপমান কৰিছে। এদিন এই ৰেলে আপোনাক ৰাজ্যৰ পৰা বাহিৰ কৰিব বুলি কটাক্ষ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। তদুপৰি, পশ্চিমবংগ চৰকাৰক লক্ষ্য কৰি ৰাজ্যখনত অব্যাহত থকা ৰাজনৈতিক হিংসা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল।

ইয়াৰ উপৰি, বৰ্তমান বহিঃৰাজ্যত আবদ্ধ হৈ থকা ১১ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিক ৰাজ্যলৈ উভতি আহিছে বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে। লগতে, আৰু ৩০ হাজাৰ শ্ৰমিক উভতি আহিবলৈ বাকি আছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে।

লগতে চাওকঃ ঐচ্ছিক বিষয়ত ১০০ শতাংশ নম্বৰ প্ৰাপ্তি পাণ্ডুৰ জয়দ্বীপ পালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.