ETV Bharat / bharat

অবৈধ সম্পৰ্কৰ পৰিণতিঃ সৰ্পদংশন কৰোৱাই পত্নীক হত্যা স্বামীৰ

author img

By

Published : May 25, 2020, 12:35 PM IST

25 বৰ্ষীয় উথৰাৰ মৃত্যুৰ পিছতে অপৰাধ শাখাই আৰম্ভ কৰে তদন্ত । ইয়াৰ পিছতেই তেখেতৰ স্বামী সুৰয আৰু এজন বন্ধুক আৰক্ষীয়ে দেওবাৰে আটক কৰি জেৰা অব্যাহত ৰাখে । আৰক্ষীৰ জেৰাত মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা বুলি স্বীকাৰ কৰে স্বামীয়ে । কোল্লম গ্ৰাম্যৰ আৰক্ষী অধীক্ষক হৰিশংকৰে প্ৰকাশ কৰে এই কথা ।

Husband arrested for getting wife killed by snake in Kerala
অবৈধ সম্পৰ্কৰ পৰণতিঃ সৰ্পদংশন কৰোৱাই পত্নীক হত্যা স্বামীৰ

নেশ্যনেল ডেক্স,25 মেঃ কেৰালাৰ আঞ্চলত সৰ্প দংশনত মৃত্যু হোৱা মহিলাৰ মৃত্যুৰ তদন্তত পোহৰলৈ আহে ভয়ংকৰ তথ্য । অপৰাধ শাখাই চলোৱা অনুসন্ধানত পোহৰলৈ আহে যে, এইয়া দুৰ্ঘটনা নহয়, এক পৰিকল্পিত হত্যাকাণ্ডহে । মহিলাগৰাকীক হত্যা কৰাৰ বাবে স্বামীয়ে আনিছিল সাপ ।

25 বৰ্ষীয় উথৰাৰ মৃত্যুৰ পিছতে অপৰাধ শাখাই আৰম্ভ কৰে তদন্ত । ইয়াৰ পিছতেই তেখেতৰ স্বামী সুৰয আৰু এজন বন্ধুক আৰক্ষীয়ে দেওবাৰে আটক কৰি জেৰা অব্যাহত ৰাখে । আৰক্ষীৰ জেৰাত মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা বুলি স্বীকাৰ কৰে স্বামীয়ে । কোল্লম গ্ৰাম্যৰ আৰক্ষী অধীক্ষক হৰিশংকৰে প্ৰকাশ কৰে এই কথা ।

আৰক্ষীয়ে জনোৱা অনুসৰি 6 মে'ৰ নিশা এই ঘটনা সংঘটিত হয় । উথৰাৰ স্বামী সুৰযে পূৰ্ব পৰিকল্পিতভাৱে মোনাৰ ভিতৰত সাপডাল ভৰাই আনি শুই থকা পত্নীৰ ওপৰত জাপি দিয়ে । সুৰযে পত্নীক সাপডালে দুবাৰকৈ খুটিওৱালৈকে অপেক্ষা কৰে । ইয়াৰ পিছত সুৰযে সাপডাল জাৰত ভৰাবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু সাপডাল আলমাৰিত সোমায় । সুৰযে গোটেই নিশা সাৰে থাকি পুৱাই ঘৰৰ পৰা ওলাই যায় । ইয়াৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে তেঁওক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে সাপডালো উদ্ধাৰ কৰে ।

ইয়াৰ পূৰ্বেও স্বামী গৃহত উথৰাক সাপে খুটিয়াইছিল আৰু দ্বিতীয়বাৰৰ বাবে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ বাবে পৰিয়ালৰ লোকৰ সন্দেহ হয় আৰু ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । আৰক্ষীৰ তদন্তত এই তথ্য পোহৰলৈ আহে যে, ইয়াৰ পূৰ্বেও সুৰযে উথৰাক হত্যা কৰাৰ বাবে বন্ধু সুৰেশৰ পৰা সাপ আনিছিল । উথৰাই নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই যাবলৈ সক্ষম হয় আৰু চিকিৎসালয়ৰ পৰা মুকলি হৈয়ে নিজৰ মাক-দেউতাকৰ ঘৰলৈ যায় ।

উল্লেখ্য যে, অন্য মহিলাক বিয়া কৰাব বিচৰাৰ বাবে সুৰযে নিজ পত্নীক হত্যা কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক- চিৰাঙত আৰক্ষীৰ জঘন্য কাণ্ড : প্ৰহাৰ কৰিলে স্বাস্থ্যকৰ্মীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.