ETV Bharat / bharat

দ্বিতীয়বাৰৰ বাবে বিশ্ব অভিলেখ গঢ়িলে হিমাচলৰ নিধি ড'গাৰাই

author img

By

Published : Oct 10, 2020, 12:32 PM IST

যোগ সাধনাৰে বিশ্ব অভিলেখ গঢ়িলে হিমাচল প্ৰদেশৰ এগৰাকী কণমানিয়ে। দ্বিতীয়বাৰৰ বাবে বিশ্ব অভিলেখ গঢ়িলে সপ্তম শ্ৰেণীৰ ছাত্ৰী নিধি ড'গাৰাই। ১ মিনিটত ৩৫টা বিভিন্ন আসন প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিলে নিধিয়ে।

দ্বিতীয়বাৰৰ বাবে বিশ্ব অভিলেখ গঢ়িলে হিমাচলৰ নিধি ড'গাৰাই
দ্বিতীয়বাৰৰ বাবে বিশ্ব অভিলেখ গঢ়িলে হিমাচলৰ নিধি ড'গাৰাই

নেশ্যনেল ডেস্ক: পখিলা খেদাৰ বয়সত বিশ্ব অভিলেখ গঢ়ি জিলিকি উঠিছে হিমাচল প্ৰদেশৰ নিধি ড'গাৰা। যোগ সাধনাৰে দ্বিতীয়বাৰৰ বাবে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰী নিধিৰ। হিমাচল প্ৰদেশৰ চিৰই কুণ্ড গাঁৱৰ শশী কুমাৰ আৰু নিশা দেৱীৰ কন্যা নিধি ড'গাৰা।

যোৱা ১৩ ছেপ্টম্বৰত ১ মিনিটৰ ভিতৰত ৩৫টা বিভিন্ন আসন প্ৰদৰ্শন কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব অভিলেখ গঢ়িলে ১১বছৰীয়া নিধিয়ে। অখিল ভাৰতীয় যোগ মহাসংঘই আয়োজন কৰা প্ৰতিযোগিতাত ৪৫মিনিটৰ বাবে প্ৰণব আসন কৰি দ্বিতীয়বাৰৰ বাবে নিধিয়ে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰিও নিধিলৈ আগবঢ়োৱা হৈছে যোগ ৰত্ন বঁটা। বিভিন্ন কঠিন যোগাসন প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰি অহা নিধিয়ে ঘৰতে পিতৃৰ সৈতে যোগাভ্যাস কৰে। নিধিৰ সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে পিত-মাতৃ। বিশ্ব অভিলেখ ৰচি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে কণমানি নিধিয়ে।

কন্যাৰ সফলতাত উৎফুল্লিত হৈ মাতৃ নিশা দেৱীয়ে কয় যে, 'কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে শিশুসকল বিদ্যালয়লৈ যোৱাত বাধা আহি পৰিছে আৰু সেয়েহে তেওঁলোকক ইচ্ছানুসৰি খেলিবলৈ সুযোগ দিয়া উচিত।' আনহাতে, দ্বিতীয়বাৰৰ বাবে বিশ্ব অভিলেখ গঢ়া নাতিনীক লৈ গৌৰৱান্বিত ককাক কৰ্মচন্দ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.