ETV Bharat / bharat

তেলেংগানা-অন্ধ্ৰ প্ৰদেশত প্ৰবল বৃষ্টিপাত হোৱাৰ অনুমান বতৰ বিজ্ঞান কেন্দ্ৰৰ - Heavy to very heavy rains are likely to occur in Telangana

প্ৰবল বৃষ্টিপাতৰ বাবে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷ ইয়াৰ দ্বাৰা সকলোকে প্ৰস্তুত হৈ থাকিবলৈ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

তেলেংগানা-অন্ধ্ৰ প্ৰদেশত প্ৰবল বৃষ্টিপাত হোৱাৰ অনুমান বতৰ বিজ্ঞান কেন্দ্ৰৰ

author img

By

Published : Oct 19, 2020, 10:44 PM IST

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ: তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা বান পৰিস্থিতি অধিক গম্ভীৰ গৈ পৰিছে ৷ বানৰ বাবে বহু ক্ষয়-ক্ষতি হৈছে দুয়োখন ৰাজ্যত ৷

হায়দৰাবাদৰ বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা অনুসৰি, আগন্তুক দিনটো হায়দৰাবাদ ধৰি তেলেংগানাত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ তেলেংগানাৰ ভিন ভিন প্ৰান্তত বজ্ৰপাতৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ হায়দৰাবাদত অ'ৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে ৷ ইয়াৰ দ্বাৰা আগন্তুক পৰিস্থিতিৰ বাবে সকলোকে প্ৰস্তুত হৈ থাকিবলৈ সংকেত প্ৰদান কৰিছে ৷

এই তথ্যৰ পাচতে GHMC সতৰ্ক হৈ পৰে আৰু হায়দৰাবাদৰ জলমগ্ন কলনীসমূহৰ বাবে সতৰ্কতাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ প্ৰবল বৃষ্টিপাতৰ বাবে বহু প্ৰান্তৰ স্থানীয় লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷

মন্ত্ৰী কে.টি ৰামা ৰাওৱে কি ব্যৱস্থা গ্ৰহণ কৰাতো উচিত হ'ব, সেই সন্দৰ্ভত উচ্চ পদস্থ কৰ্মকৰ্তা সকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ তেওঁ সকলো কৰ্মকৰ্তাকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: পুনৰ প্ৰাণ পাই উঠিব ৰসৰাজৰ ওড়িশাস্থিত বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.