ETV Bharat / bharat

মুষলধাৰ বৰষুণৰ বাবেই জলমগ্ন ৰাজধানী দিল্লী

author img

By

Published : Jul 19, 2020, 2:54 PM IST

প্ৰৱল বৃষ্টিপাতৰ বাবে দেওবাৰে জলমগ্ন হৈ পৰে ৰাজধানী দিল্লীৰ কেইবাটাও অঞ্চল । যাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে কৃত্ৰিম বানত আৱদ্ধ হৈ পৰিছে বহু সংখ্যক যান-বাহন ।

জলমগ্ন দিল্লী
জলমগ্ন দিল্লী

নিউজ ডেস্ক, ১৯ জুলাইঃ দেওবাৰে পুৱা বিজুলী আৰু ঢেৰেকণিৰে মুষলধাৰ বৰষুণৰ বাবেই সমস্যাৰ সন্মুখীন হয় দিল্লীবাসী । প্ৰৱল বৃষ্টিপাতৰ বাবেই বিভিন্ন ঠাইত পানী জমা হোৱাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় সাধৰণ জনতাই । পুৱা প্ৰায় ৫:৩০ বজাত অহা মুষলধাৰ বৰষুণৰ ফলত জমা হোৱা পানীৰ ফলত সৃষ্ট কৃত্ৰিম বানৰ বাবেই আৱদ্ধ হৈ পৰে যান-বাহন । কৃত্ৰিম বানৰ বাবেই মিন্টো ৰোড অঞ্চলত ডুব যায় এখন বাছ । তাৰোপৰি হৰি নগৰ, বেগমপুৰ কিৰাড়ী আৰু নজফগড়ৰ অঞ্চলো কৃত্ৰিম বানেৰে জলমগ্ন হৈ পৰে ।

জলমগ্ন দিল্লী
মুষলধাৰ বৰষুণৰ বাবেই জলমগ্ন ৰাজধানী দিল্লী

আনহাতে, কিৰাড়ী বিধানসভা অঞ্চলৰ চাৰদা এনক্লেবৰ পথস্থিত এটি ট্ৰান্সফৰ্মাৰ পানীত ডুব যায় । যাৰ ফলত বিদ্যুৎ প্ৰৱাহিত হোৱাৰ শংকাত ভুগিছে স্থানীয় বাসিন্দা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.