উত্তৰকাশী,19 আগষ্ট: উত্তৰাখণ্ডত পুনৰ এবাৰ সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা ৷ ৰাজ্যখনত একেৰাহে হৈ থকা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বৰষুণৰ বাবে বৰ্তমান 800 যাত্ৰীক আৱদ্ধ কৰি ৰখা হৈছে বদ্ৰীনাথ ধামত ৷ ইয়াৰ লগতে ৰাজ্যখনৰ উত্তৰকাশীতো কিছুদিনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
বৰষুণত নদীসমূহৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত বহুকেইখন গাওঁ এতিয়া পানীৰ তলত ৷ ইতিমধ্যে চৰকাৰে উত্তৰকাশীৰ আৰাকোটত উদ্ধাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰিছে চ'পৰ ৷ ইয়াৰ সহায়ত আৰাকোটৰ পৰা দুজন লোকক এয়াৰলিফ্ট কৰা হৈছে ৷ এই দুৰ্ঘটনাটোত বৰ্তমানলৈ 17 জন লোকৰ মৃত্যু হোৱাৰ লগতে 20 জনতকৈও অধিক লোক সন্ধানহীন হৈ আছে ৷