নেশ্বনেল ডেক্স,24 ফেব্ৰুৱাৰীঃ সোমবাৰে উত্তৰ-পূৱ দিল্লীত নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা সংঘৰ্ষত নিহত হয় দিল্লী আৰক্ষীৰ এগৰাকী হেড কনিষ্টবল ৷ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে যে, ৰতন লাল নামৰ হেড কনিষ্টবল গৰাকী গোকুলপুৰীৰ উপ-আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আছিল ৷ এই সংঘৰ্ষত কেইবাজনো প্ৰশাসনৰ লোক আহত হয় ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু বিৰোধীসকলৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ এদিন পিছতেই সোমবাৰে কেইবাখনো দোকান-পোহাৰৰ লগতে ঘৰ জ্বলাই দিয়া হয় ৷
লগতে পঢ়ক-প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিসকলৰ ভাৰত ভ্ৰমণৰ এক আভাষ