ETV Bharat / bharat

গান্ধী পৰিয়ালৰ পৰা খৰ্ব হ'ল বিশেষ সুৰক্ষা দল (SPG) সেৱা - গান্ধী পৰিয়ালে লাভ কৰিব Z+ সুৰক্ষা

কেন্দ্ৰীয় চৰকাৰে খৰ্ব কৰিলে গান্ধী পৰিয়ালৰ SPG সেৱা ৷ বৰ্তমান তেওঁলোকে Z+ সুৰক্ষা লাভ কৰিব ৷

গৃহ মন্ত্ৰণালয়
author img

By

Published : Nov 8, 2019, 6:40 PM IST

নেশ্বনেল ডেস্ক, 8 নৱেম্বৰ : কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধীৰ পৰা বিশেষ সুৰক্ষা দলৰ (SPG) সেৱা খৰ্ব কৰা হ'ল ৷ এক চৰকাৰী সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে ৷ গৃহ মন্ত্ৰণালয়ে তিনিওগৰাকী কংগ্ৰেছ নেতাৰ সুৰক্ষা ব্যৱস্থাক নিৰীক্ষণ কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰোপৰি, তেওঁলোকক Z+ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ দেশৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালটোক বৰ্তমান চিআৰপিএফ জোৱানে সুৰক্ষা প্ৰদান কৰিব ৷ আনহাতে, SPG সেৱা লাভ কৰা ভাৰতৰ একমাত্ৰ ব্যক্তি হিচাপে থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত
গান্ধী পৰিয়ালৰ বিশেষ সুৰক্ষা দল (SPG) সেৱা খৰ্ব

উল্লেখ্য যে, ৰাজীৱ গান্ধীক হত্যাৰ পাচতে SPG আইনৰ সংশোধন কৰা হৈছিল ৷ সেই অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেওঁৰ পৰিয়ালক কাৰ্যালয় ত্যাগৰ কৰা 10 বছৰ পৰ্যন্ত SPG সেৱা প্ৰদান কৰা হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.