ETV Bharat / bharat

প্ৰসংগ অসম-মিজোৰাম সীমান্তঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ আহ্বান - border

অসম-মিজোৰাম সংঘাত সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য ৷ দুয়োখন ৰাজ্যক শান্তি-শৃংখলা অটুত ৰাখিবলৈ আহ্বান ৷ দুয়োখন ৰাজ্যক সহায় কৰাৰ আশ্বাস ৷

Govt assures to solve Assam-Mizoram border row
প্ৰসংগ অসম-মিজোৰাম সীমান্তঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ আহ্বান
author img

By

Published : Oct 19, 2020, 9:23 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসম-মিজোৰামৰ সীমা ৰক্ষাৰ বাবে সকলো সমৰ্থন প্ৰদান কৰাৰ বাবে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আশ্বাস প্ৰদান কৰে ৷ দুয়োখন ৰাজ্যৰ লোক সকলৰ মাজত হিংসাত্মক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ পিচতে অমিত শ্বাহে সোণোৱালক এই আশ্বাস প্ৰদান কৰে ।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰই ইটিভি ভাৰতক জনাই যে, অমিত শ্বাহে তেওঁৰ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলক এই বিষয় সন্দৰ্ভত তদন্ত আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ গৃহ সচিব অজয় কুমাৰে অসম আৰু মিজোৰামৰ মুখ্য সচিব সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উক্ত বিষয় সন্দৰ্ভত আলোচনা আগবঢ়াইছে ৷ দুয়োখন ৰাজ্যক আইন- শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷ দেওবাৰে সোণোৱালে প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল ৷

লগতে পঢ়ক : বিল্বেশ্বৰ দেৱালয়: হিন্দু-মুছলমানৰ সম্প্ৰীতি ৰক্ষাৰ সাঁকো

উল্লেখ্য যে, শনিবাৰে নিশা অসম-মিজোৰাম সীমান্তত প্ৰায় 10 গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল । উক্ত ঘটনা কাছাৰ জিলাৰ লাইলাপুৰ গাঁৱৰ বাসিন্দা আৰু মিজোৰামৰ ক'লাচিব জিলাৰ বিৰাংটেৰ বাসিন্দাৰ মাজত হৈছিল । ইফালে, মিজোৰামৰ ৰাজনৈতিক দল পিপিএলছ কনফাৰেন্স পাৰ্টি (পিচিপি)য়েও মিজোৰাম চৰকাৰক সীমা বিবাদ সমাধানৰ বাবে কেন্দ্ৰৰ সহায় ল'বলৈ আহ্বান জনাইছে ৷ ইয়াৰ পূৰ্বেও অসম আৰু মিজোৰামৰ দুয়োখন চৰকাৰে সীমা বিবাদৰ বাবে কেন্দ্ৰৰ সৈতে আলোচনা কৰিছিল । দুয়োখন ৰাজ্যই 164.6 কিমি আন্তঃৰাজ্য সীমা ভাগ বতৰা কৰাৰ প্ৰসংগ উত্থাপন হৈছিল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অসম-মেঘালয়ে 733 কিলোমিটাৰ সীমা, অসম-নাগালেণ্ডে 512 কিলোমিটাৰ আৰু অসম- অৰুণাচলে 804.10 কিলোমিটাৰ সীমা ভাগ বতৰা কৰিছিল ৷

লগতে পঢ়ক : সোণাৰিত বন‍্যহস্তীৰ সন্ত্ৰাস: কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.