নেচনেল ডেস্ক, 10 ডিচেম্বৰ : কৃষক বিদ্ৰোহ সন্দৰ্ভত চৰকাৰক সকীয়নী কংগ্ৰেছ ৰাহুল গান্ধীৰ ৷ বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে চৰকাৰক কৃষকৰ শক্তি সন্দৰ্ভত এক সকীয়নী প্ৰদান কৰি কয় যে চৰকাৰে কৃষক সকলে তেওঁলোকৰ আন্দোলনৰ পৰা পিছ হুহকি যাব বুলি মনত ভ্ৰান্ত ধাৰণা লৈ থাকিব নালাগে ৷ তেওঁ লগতে ইয়াকো কয় যে বিৰোধী দল সমূহ কৃষক সকলৰ লগত আছে ৷
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দক স্মাৰক পত্ৰ প্ৰদান কৰি এন চি পি , চিপিআই-এম , ডিএমকে আৰু চিপিআইৰ নেতৃবৃন্দৰ সৈতে সংবাদ মাধ্যমক সম্বোধন কৰি গন্ধীয়ে কয় যে, কৃষকসকলে যদি আজি তেওঁলোকৰ অধিকাৰৰ বাবে থিয় নহয় তেন্তে কোনো দিনেই নিজৰ অধিকাৰৰ বাবে তেওঁলোকে মাত মাতিব নোৱাৰিব ৷ তেওঁ লগতে এইবুলি কৈ হুমকাৰ দিয়ে যে কৃষকসকলে তেওঁলোকৰ দাবীক লৈ কোনোধৰণৰ মিলামিছা নকৰে ৷
কৃষক সকলে সমগ্ৰ দেশৰ বাবে কাম কৰাৰ পাছতো আইন তেওঁলোকৰ বিপক্ষে বুলি মন্তব্য কৰি গান্ধীয়ে অভিযোগ কৰি কয় যে কৃষি আইনখন জাপি দিয়া হৈছে আৰু সমগ্ৰ দেশৰ কৃষকৰ বাবে এই আইনখন এক অপমান ৷
লগতে পঢ়ক: চেতনা ঘূৰাই পাইছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই