ETV Bharat / bharat

বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা

author img

By

Published : Jun 22, 2020, 11:58 AM IST

প্ৰতিদিনে সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাইছে মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যা । আমেৰিকাত বৰ্তমান পৰ্যন্ত দুই-তৃতীয়াংশতকৈ অধিক লোকৰ মহামাৰী COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি সদৰি কৰে । আনহাতে বিশ্বজুৰি দেওবাৰ পৰ্যন্ত COVID-19 ত আক্ৰান্ত হৈছে ৯২,৩৮,৮০৭ গৰাকীৰো অধিক লোক ।

মহামাৰী কৰ'ণা
বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা

নিউজ ডেস্ক, ২২ জুনঃ বিশ্বজুৰি ২১ জুন অৰ্থাৎ দেওবাৰ পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৯২,৩৮,৮০৭ গৰাকীৰো অধিক লোক । তাৰোপৰি ভাইৰাছ আক্ৰান্ত হৈ ৪,৬৯,৬০৪ গৰাকী লোকৰ মৃত্যু হোৱা উপৰিও আৰোগ্য হৈ উঠিছে ৪৮,৩৩,৫৭৪ ৰো অধিক লোক ।

আনহাতে, বিশেষজ্ঞ সকলৰ মত অনুসৰি প্ৰত্যেকদিনাই সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাইছে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । তাৰোপৰি আমেৰিকাত বৰ্তমান পৰ্যন্ত দুই-তৃতীয়াংশতকৈ অধিক লোকৰ COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি সদৰি কৰে ।

স্পেইনত বিগত তিনিমাহ ধৰি চলা লক ডাউনৰ শিথিলতাৰ পাচতে দেওবাৰৰ পৰা স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰি আহে জনজীৱন । যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰৰ পৰা প্ৰায় ৪৭ মিলিয়ন স্পেইনবাসীক বিগত ১৪ মাৰ্চৰ পাচত দেশখনত মুকলিভাৱে যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰে চৰকাৰে ।

তাৰোপৰি বিট্ৰেইনত চৰকাৰে বহিঃৰাষ্ট্ৰৰ পৰা যোৱা লোকসকলৰ বাবে ১৪ দিনীয়া কোৱাৰেণ্টাইনৰ ব্যৱস্থা উঠাই দিয়াৰ বিপৰীতে ২৬ খন ইৰোপীয়ান দেশে ভিছা অবিহনে ভ্ৰমণ কৰাৰ বাবে অনুমতি প্ৰদান কৰে ।

আনহাতে,ইংলেণ্ডত ২১ জুন অৰ্থাৎ দেওবাৰে বছৰটোৰ আটাইতকৈ দীৰ্ঘতম দিন হিচাপে চিহ্নিত হোৱাত ষ্টোনহেঞ্জত সূৰ্যাস্তৰ দৃশ্য গ্ৰহণ কৰিবলৈ যোৱা লোকসকলক যাবলৈ বাধা প্ৰদান কৰে । মহামাৰী কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈয়ে প্ৰশাসনে বাধা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।

দেওবাৰে চীনত নতুনকৈ মহামাৰী কৰ'ণাত হৈছে ২৫ গৰাকী ব্যক্তি । ইয়াৰ ভিতৰত ২২ গৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চীনৰ ৰাজধানী বেইজিঙৰ বুলি চিনাক্ত কৰা হয় । আনহাতে, বেইজিঙত নতুনকৈ কৰ'ণা আক্ৰান্ত সংখ্যা অধিক পোৱা বাবেই বেইজিঙৰ পৰা চীনৰ অন্য ঠাইলৈ কোনো লোকে যাত্ৰা কৰিলে কৰ'ণাৰ টেষ্টৰ প্ৰমাণ পত্ৰ দেখুৱাইহে যাত্ৰা কৰিব পাৰবি বুলি সদৰি কৰে ।

লগতে চাওকঃ নৰেন্দ্ৰ মোডীক ভগৱানৰ নেতা সজালে জেপি নাড্ডাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.