ETV Bharat / bharat

অপৰিশোধিত নলাৰ বাবে পুনৰ দূষিত গংগাৰ পানী

author img

By

Published : Jan 20, 2021, 5:24 PM IST

গংগা নৈৰ প্ৰদূষণকলৈ স্থানীয় লোকৰ অভিযোগ স্নান কৰিবলৈ ভিআইপিৰ আগমন হ'লেহে পৰিস্কাৰ কৰা হয় গংগা নৈৰ পাৰ । সম্প্ৰতি পবিত্ৰ গংগা নৈৰ প্ৰদূষণৰ বাবে স্নান কৰিবলৈ ভয় কৰিছে ভক্তসকলে ।

অপৰিশোধিত নলাৰ বাবে পুনৰ দূষিত গংগাৰ পানী
অপৰিশোধিত নলাৰ বাবে পুনৰ দূষিত গংগাৰ পানী

নিউজ ডেস্ক , ২০ জানুৱাৰী : বিভিন্ন সময়ত পানীৰ প্ৰদূষণকলৈ চৰ্চালৈ অহা দেখা যায় ভাৰতৰ অন্য়তম বৃহৎ নদী গংগা । পবিত্ৰ নদী হিচাপে সকলোৰে জ্ঞাত এই নদীখন পুনৰ প্ৰদূষিত হোৱাত এতিয়া দেশবাসীৰ লগতে স্থানীয় লোকসকল চিন্তিত হৈছে । বছৰৰ প্ৰায় প্ৰতিটো সময়তে দেশৰ ভিন্ন প্ৰান্তৰ পৰা পবিত্ৰ গংগা নদীত স্নান কৰিবলৈ অহা ভক্তসকলো এতিয়া চিন্তিত হোৱা দেখা গৈছে ।

উল্লেখ যে চহৰসমূহৰ পৰা গংগা নৈত প্ৰায় ৩০ টা নলা সংযোগ হৈ আছে । কিন্তু সেই নলা সমূহৰ অৱস্থা সম্প্ৰতি অতি লেতেৰা আৰু কদৰ্যময় । নলা সমূহেৰে সেই দুৰ্গন্ধময়, লেতেৰা আৱৰ্জনা নৈখনত পৰাৰ পিছতে নৈখনো প্ৰদূষিত হোৱা দেখা গৈছে । আনকি নৈখনৰ বৰ্তমান অৱস্থা দেখি বহু লোকে তাত স্নান কৰিবলৈ অস্বীকাৰ কৰা দেখা গৈছে । এনে অৱস্থাৰ বাবে এতিয়া একাংশ স্থানীয় লোক আৰু নাৱৰীয়াসকলে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে ।

নলাসমূহ আৰু নৈখন পৰিস্কাৰ নকৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে তেওঁলোকে । আনকি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভুমিকাৰ ওপৰতো প্ৰশ্ন তুলিছে স্থানীয় লোকসকলে । ৰাইজৰ অভিযোগ যেতিয়াই কোনো ভিআইপি লোক স্নান কৰিবলৈ আহে তেতিয়াহে নৈখন পৰিস্কাৰ কৰিবলৈ উঠিপৰি লাগে বিভাগীয় কতৃপক্ষ । লগতে স্থানীয় ৰাইজে দাবী কৰিছে যে নাগৱা ড্ৰেইন, অসি নলা আৰু ৰাজঘাট নলাৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় গংগা নৈখন । কিয়নো প্ৰতিদিনে প্ৰায় ১৫৯ মেগা লিটাৰ আৱৰ্জনা নৈখনলৈ আহে এই তিনিটা নলাৰ পৰা ।

ইফালে প্ৰদূষণৰ প্ৰতি লক্ষ্য় ৰাখি নলা পৰিস্কাৰৰ বাবে ইতিমধ্য়ে কেইবাটাও প্ৰদূষিত নলা বন্ধ কৰি দিয়া হৈছে । কিন্তু ইয়াৰ মাজতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াৰ মতে নৈখনত স্নান কৰিবলৈ এতিয়াও পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আছে । লগতে তেওঁ কয় যে ৰামনা আৰু ৰামনগৰ এছটিপি প্ৰকল্প দুটা আৰম্ভ হ’লে নৈৰ পানী যথেষ্ট পৰিমাণে পৰিস্কাৰ হ'ব ।

লগতে পঢ়ক :তৰমুজত জ' বাইডেন আৰু কমলা হেৰিছৰ প্ৰতিচ্ছবি অংকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.