এই কথা সৰ্বজনবিদিত যে, মহাত্মা গান্ধীয়ে তেওঁৰ প্ৰতিখন বৈঠকৰ পূৰ্বে বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ পৰা কিছু উক্তি আবৃত্তি কৰিছিল ৷ গান্ধীজী সাম্প্ৰদায়িক সমন্বয়ত এজন গভীৰ বিশ্বাসী লোক আছিল ৷ বাল্যকালত নিজ পিতৃক শুশ্ৰূষা কৰাৰ সময়ত গান্ধীয়ে পিতৃৰ ইছলাম আৰু পাৰ্চী ধৰ্মাৱলম্বী বন্ধুৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আশ্চৰ্যজনকভাৱে, গান্ধীয়ে খ্ৰীষ্টিয়ান ধৰ্মৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক চিন্তাধাৰা ৰাখিছিল যিহেতু কিছুসংখ্যক ধৰ্মপ্ৰচাৰকে হিন্দু ধৰ্মৰ দেৱ - দেৱীক সমালোচনা আগবঢ়াইছিল ৷ কিন্তু, ইংলেণ্ডত এজন নিৰামিষভোজী খ্ৰীষ্টিয়ানে তেওঁক বাইবেল পঢ়িবলৈ উৎসাহিত কৰাৰ পাচতে খ্ৰীষ্টিয়ান ধৰ্ম সম্পৰ্কত তেওঁ গভীৰভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল ৷ বাইবেল পঢ়ি তেওঁ এই ধাৰণাত সন্মোহিত হৈ পৰিছিল যে, "তোমাক কোনোবাই সোঁ গালত চৰিয়ালে বাওঁ গালখনো পাতি দিবা" ৷ কিন্তু, বাইবেল পঢ়াৰ আগতেই তেওঁ বিভিন্ন ধাৰ্মিক কিতাপৰ পৰা এইকথা শিকিবলৈ পাইছিল যে, অশুভ শক্তিক অশুভ শক্তিৰে নহয়, শুভ শক্তিৰেহে খণ্ডন কৰিব লাগে ৷ বিভিন্ন ধৰ্মৰ বিষয়ে শৈশৱ কালৰে পৰাই শিক্ষা লাভ কৰা গান্ধীয়ে সৰুৰে পৰা এই কথা জানিছিল যে, সকলো ধৰ্মই সম সন্মান লাভ কৰা উচিত ৷ সেয়েহে খুব সৰুকালৰে পৰাই সাম্প্ৰদায়িক সমন্বয়ৰ ভাৱধাৰা তেওঁৰ অন্তৰত জাগ্ৰত হৈ পৰিছিল ৷ 'মনু স্মৃতি'ত আমিষ খাদ্যক সমৰ্থন কৰাৰ কথা পঢ়িবলৈ পোৱাৰ পাচতে তেওঁ নাস্তিক হৈ পৰিছিল ৷ এইধৰণৰ গ্ৰন্থসমূহৰ পৰা তেওঁ এই শিক্ষা লাভ কৰিছিল যে, পৃথিৱীখন আদৰ্শত বৰ্তী আছে আৰু এই আদৰ্শ সমূহ সত্যতাৰ ওপৰত আধাৰিত ৷ সেয়েহে সৰুৰে পৰাই তেওঁ সত্যক সাৰোগত কৰি জীৱন নিৰ্বাহ কৰি আহিছিল ৷
এসময়ত দেশৰ বিভাজন আনিবলৈ চেষ্টা কৰা বুলি গান্ধীৰ বিৰুদ্ধে মিছা অপবাদ অনা হৈছিল, কিন্তু প্ৰসিদ্ধ কবি ঈকবাল আৰু মৌলবাদী হিন্দু নেতা সৱৰকাৰেহে দুই ৰাষ্ট্ৰ নীতিক সমৰ্থন কৰি সামূহিক ঘোষণা কৰি আহিছিল ৷ এই সময়তে হিন্দু মৌলবাদীসকলে দেশ বিভাজন প্ৰতিৰোধ কৰিবলৈ গান্ধীয়ে কিয় উপবাসৰ সহায় লোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছিল ৷ কিন্তু ঘটনাৰ আঁৰৰ সত্য এইয়া আছিল যে, গান্ধীক একাষৰীয়া কৰি দেশৰ বিভাজন আনিবলৈ বিচাৰিছিল মাউন্টবেটেন, নেহৰু, পেটেল আৰু জিন্নাইহে ৷ গান্ধীক কেৱল সিদ্ধান্ত সম্পৰ্কত জনোৱাহে হৈছিল কিন্তু গান্ধীক কোনো প্ৰশ্ন উত্থাপনৰ অধিকাৰ প্ৰদান কৰা হোৱা নাছিল ৷ গান্ধীয়ে দেশ বিভাজনক সমৰ্থন জনোৱা হ'লে ব্ৰিটিছৰ পৰা ক্ষমতা সমূহ ভাৰত আৰু পাকিস্তানলৈ হস্তান্তৰ কৰাৰ অনুষ্ঠানত কিয় উপস্থিত নাছিল? ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত গান্ধীয়ে নাওখালিত সাম্প্ৰদায়িক সংঘাত শাম কটোৱাবৰ বাবে উপবাসত ব্যস্ত আছিল ৷
সহিষ্ণুতা, অহিংসা আৰু সাম্প্ৰদায়িক সমন্বয়ক আওকাণ কৰা সকলৰ প্ৰতি সামূহিকভাৱে অসম্তুষ্টি প্ৰকাশ কৰিছিল গান্ধীয়ে ৷ তেওঁ সকলোকে সাম্প্ৰদায়িক সংঘাত আৰু হিংসা পৰিত্যাগ কৰিবলৈ উদ্বুদ্ধ কৰি তুলিছিল ৷ ইয়াৰ বাবেই পশ্চিমবংগৰ পৰা ঘূৰি আহি তেওঁ দিল্লীত 1948 চনত এক উপবাস ৰাখিছিল ৷ ভাৰতৰ সংখ্যালঘু মুছলমান আৰু পাকিস্তানৰ সংখ্যালঘু হিন্দু আৰু শিখ সকলক সমৰ্থন কৰাৰ উদ্দেশ্য এই উপবাস পালন কৰিছিল তেওঁ ৷ ইয়াৰ ফলত হিন্দু মৌলবাদীসকল ক্ৰোধান্বিত হৈ পৰিছিল আৰু তেওঁলোকে গান্ধীৰ বিৰুদ্ধে মিছা অপবাদ আনি কৈছিল যে, পাকিস্তানক 55 কোটি টকা দিবলৈ তেওঁ ভাৰত চৰকাৰক জোৰ কৰিছে ৷ হিন্দু - মুছলমানৰ সমন্বয়ৰ স্বাৰ্থত এজন লোকে দুয়োখন দেশৰ বাবে এনেদৰে ত্যাগ স্বীকাৰ কৰাত তেওঁক পাকিস্তানেও স্বাগতম জনাইছিল ৷
বহুলোকে এইবুলিও মন্তব্য কৰিছিল যে, হিন্দু সকলক তেওঁ কঠোৰ শব্দ প্ৰয়োগ কৰিছিল যদিও মুছলিম সকলক কৰা নাছিল আৰু মুছলিম সকলক সদায় সন্তুষ্ট কৰাৰ চেষ্টা কৰি আহিছিল ৷ কিন্তু, এইয়া সত্য নাছিল ৷ পাকিস্তানত ৰাষ্ট্ৰবাদী মুছলিম সকলে সংখ্যালঘু সকলক 'অমুছলমান' আৰু 'অনৈতিক' বুলি যি ব্যৱহাৰ কৰিছিল তাৰ গৰিহণা দিছিল গান্ধীয়ে ৷ তেওঁৰ উপবাসৰ সময়তে পাকিস্তানী সংখ্যালঘু সকলৰ বিৰুদ্ধে কৰা সকলো ধৰণৰ হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছিল ৷ কিছুসংখ্যক মুছলমানে তেওঁক উপবাস ত্যাগ কৰোৱাবৰ বাবে অস্ত্ৰ পৰিত্যাগ কৰি অহিংসাৰ পথত চলা বুলি কওঁতে তেওঁ এই লোকসকলক আদেশ দিছিল যে, প্ৰথমে নিজৰ অন্তৰখন পৰিস্কাৰ কৰা উচিত ৷
গান্ধীৰ হত্যাত সাম্প্ৰদায়িক সংঘাতৰ প্ৰভাৱ সুস্পষ্ট আছিল ৷ চাৰি দশক পাচত সাম্প্ৰদায়িক ৰাজনীতিৰ ফলস্বৰূপে অযোধ্যাত বাবৰি মছজিদ ধংস কৰা হৈছিল ৷ প্ৰথমবাৰৰ বাবে এটা সোঁ-পন্থী দলে কেন্দ্ৰ আৰু সৰহ সংখ্যক ৰাজ্যৰ সমৰ্থনত সাম্প্ৰদায়িক ৰাজনীতি কৰা আৰম্ভ কৰিছিল ৷ ইয়াৰ ফলত গণহত্যাৰ লগতে মুছলিম সকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ পৰা একাষৰীয়া কৰাৰ চেষ্টা চলিল ৷ তেওঁলোকক দ্বিতীয় পৰ্যায়ৰ জনগণ হিচাপে চিহ্নিত কৰাৰ চেষ্টা কৰা হ'ল ৷ গণতান্ত্ৰিক চিন্তাধাৰাৰ পৰিৱৰ্তে সংখ্যাগৰিষ্ঠ সকলৰ মন্তব্যৰ ভিত্তিত সাধাৰণ জনগণৰ স্বাধীনতাত আধিপত্য কৰিবলৈ চেষ্টা কৰাৰ লগতে মানুহৰ মনত সাম্প্ৰদায়িক সংঘাতৰ বীজ বিয়পাবলৈ চেষ্টা কৰা হ'ল ৷ সাম্প্ৰদায়িক ৰাজনীতিয়ে আমাৰ মনত নিকৃষ্টতম চিন্তাধাৰা বিয়পাবলৈ সক্ষম হ'ল ৷
এইয়া পৰিলক্ষিত হয় যে, সাম্প্ৰদায়িকতাবাদৰ বীজ আমাৰ মাজত নাইকিয়া হৈ আহিছে ৷ সম্ভৱতঃ ভাল আৰু বেয়াৰ বীজবোৰেই আমাৰ মাজত নাইকিয়া হৈ আহিছে ৷ আমি যি পৰিৱেশত ডাঙৰ হওঁ সেই ধৰণৰ চিন্তাধাৰাই আমাৰ মনত গঢ় লৈ উঠে ৷ বাবৰি মছজিদ ধংসৰ পাছৰ সময়ছোৱাত মানুহৰ মনত সাম্প্ৰদায়িক চিন্তাধাৰাই গা কৰি উঠিছিল আৰু এই চিন্তাধাৰাই সকলোকে দমন কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু মহাত্মা গান্ধীৰ আদৰ্শৰে পৰিচালিত আৰু গান্ধীক সুশৰীৰে দেখা পোৱা সকলে তেওঁৰ আদৰ্শক মানি চলিছিল ৷
"জামাত - ই - ইছলামীৰ এখন সাম্প্ৰদায়িক সমন্বয়ৰ আলোচনাচক্ৰলৈ মোক এজন সন্মানিত ব্যক্তিয়ে নিমন্ত্ৰণ জনাইছিল ৷ সেই সময়ত মই তেওঁক কৈছিলো যে, যদিহে তেওঁ মোক হিন্দু ধৰ্মৰ প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ জনাইছে, তেন্তে তেওঁ পুনৰ বিবেচনা কৰা উচিত যিহেতু মই এজন নাস্তিক আছিলো ৷ তেতিয়া তেওঁ মোক কলে যে, মই আলোচনাচক্ৰলৈ অহাৰ কোনো প্ৰয়োজন নাই ৷ তেতিয়া মই তেওঁৰ সৈতে বিতৰ্ক কৰিলো যে, এজন নাস্তিকেহে প্ৰকৃত অৰ্থত সাম্প্ৰদায়িক সমন্বয়ৰ অভ্যাস কৰিব পাৰে যিহেতু তেওঁ সকলো ধৰ্মৰে পৰা সমান দূৰত্ব বজাই ৰাখে ৷ যিজনে বিশ্বাসৰ অভ্যাস কৰে তেওঁ ধৰ্মৰ সৈতে বেছিকৈ সাঙুৰ খাই থাকে ৷"
ইয়াৰ পৰা এইটো বুজিৰ পাৰি যে, আমি কেতিয়াও গভীৰ ভাৱে চিন্তা কৰি চোৱা নাই যে, সাম্প্ৰদায়িক সমন্বয় প্ৰকৃতাৰ্থত কি হয় আৰু এই ধাৰণাটোৰ ক্ষেত্ৰত কেৱল মুখেৰে কিছু কথা কোৱাৰ বাহিৰে একো কৰিবলৈ সক্ষম হোৱা নাই ৷ এইয়া কোনো আচৰিত কথা নহয় যে, আমি নিজকে জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিছো ৷
সন্দীপ পাণ্ডে
A - 893, ইন্দিৰা নগৰ, লক্ষ্নৌ - 226106
Ph : 0522 2355978, e-mail : ashaashram@yahoo.com