ETV Bharat / bharat

দেশৰ বহনক্ষম উন্নয়নৰ বাবে গান্ধীজীৰ আদৰ্শ প্ৰয়োজনীয় : আন্না হাজাৰে - গান্ধীবাদী চিন্তাধাৰা

দেশৰ বহনক্ষম উন্নয়নৰ বাবে গান্ধীজীৰ আদৰ্শ নিত্যান্তই প্ৰয়োজনীয় ৷ গান্ধীবাদী আদৰ্শ আৰু মহাত্মাৰ গ্ৰাম্য বিকাশৰ ধাৰণা আজিও অতি প্ৰাসংগিক ৷ পৰিবেশ সমস্যাৰ বাবে দ্ৰুত নগৰীকৰণক দোষাৰোপ কৰি আন্না হাজাৰেয়ে কয় যে, বহনক্ষম উন্নয়নৰ বাবে গাঁও সমূহক লক্ষ্য হিচাপে লোৱা উচিত ৷

গান্ধীজীৰ আদৰ্শ প্ৰয়োজনীয়
author img

By

Published : Aug 30, 2019, 2:54 PM IST

নিউজ ডেস্ক, 30 আগষ্ট : দেশৰ বহনক্ষম উন্নয়নৰ বাবে গান্ধীজীৰ আদৰ্শ নিত্যান্তই প্ৰয়োজনীয় ৷ গান্ধীবাদী আদৰ্শ আৰু মহাত্মাৰ গ্ৰাম্য বিকাশৰ ধাৰণা আজিও অতি প্ৰাসংগিক ৷ পৰিবেশ সমস্যাৰ বাবে দ্ৰুত নগৰীকৰণক দোষাৰোপ কৰি আন্না হাজাৰেয়ে কয় যে, বহনক্ষম উন্নয়নৰ বাবে গাঁও সমূহক লক্ষ্য হিচাপে লোৱা উচিত ৷

আন্না হাজাৰেৰ মতে, বাপুৰ গ্ৰাম্য উন্নয়নৰ ধাৰণাক অনুসৰণ কৰাৰ প্ৰয়োজনীয়তা আছে, কিয়নো বৰ্ধিত নগৰীকৰণে পৰিবেশক অধিক শোষণৰ দিশে পৰিচালিত কৰিছে

গান্ধীজীৰ আদৰ্শ প্ৰয়োজনীয়

গ্ৰাম্য উন্নয়নৰ বাবে গান্ধীৰ ধাৰণাক অনুসৰণ কৰা প্ৰয়োজন :

গান্ধীজীয়ে কৈছিল যে, "জাতিৰ অগ্ৰগতিৰ বাবে গ্ৰাম্য উন্নয়ন জৰুৰী আছিল ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে, স্বাধীনতাৰ পাচত আমি আমি ভূল পথ বাচি ল'লো ৷ গাঁৱৰ পৰিৱৰ্তে আমি নগৰমুখী হ'লো "৷
আন্না হাজাৰেয়ে আৰু কয় যে, গাঁও সমূহত মৌলিক সুবিধা নোহোৱা হোৱাৰ বাবেই মানুহ নগৰমুখী হৈছে ৷ পৰৱৰ্তী চৰকাৰসমূহে গাঁৱৰ পৰিৱৰ্তে নগৰত মনোনিৱেশ কৰি ভুল কৰিছে ৷

বৰ্তমান চলি থকা প্ৰাকৃতিক সম্পদৰ অত্যাধিক আহৰণৰ তীব্ৰ নিন্দা কৰি আন্না হাজাৰেয়ে কয় যে, বহনক্ষম উন্নয়নৰ বাবে গান্ধীজীৰ গ্ৰাম্য বিকাশৰ ধাৰণাটো অতি সময়োপযোগী ৷ ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা নগৰীকৰণে পৰিৱেশক অধিক শোষণৰ দিশে পৰিচালিত কৰিছে, য'ত কেৱল পুনঃনৱীকৰণ যোগ্য সম্পদৰ ব্যৱহাৰ আধিক ব্যৱহাৰ হ'বলৈ ধৰিছে ৷ যাৰ ফলত প্ৰদূষণ আৰু ৰোগ বৃদ্ধি পোৱাৰ উপৰিও গোলকীয় উত্তাপ বৃদ্ধি পাইছে ৷ এই ঘটনাই সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰিছে ৷

গান্ধীজীৰ আদৰ্শ প্ৰয়োজনীয়

গান্ধীজীৰ মূল্যবোধ কাৰ্যকৰী কৰাৰ কাৰণে জনসাধাৰণে গান্ধীজীৰ জীৱন অনুসৰণ কৰা উচিত :

আন্না হাজাৰেয়ে আৰু কয় যে, সত্য আৰু অহিংসা অতি শক্তিশালী ৷ বিশ্বক গান্ধীজীৰ মূল্যবোধৰ প্ৰকৃত শক্তি উপলব্ধি কৰোৱাৰ বাবে অন্ধ অনুশীলনেই যঠেষ্ট নহয় ৷ গান্ধীজীৰ ভাৱমূৰ্তি নিকা আৰু স্বচ্ছ আছিল ৷ সত্যৰ অন্বেষনকাৰী সকলে এই পথ অনুসৰণ কৰা উচিত ৷ তেওঁলোকৰ চৰিত্ৰ, আচৰণ আৰু চিন্তা নিকা হোৱা উচিত আৰু তেওঁলোকৰ জীৱনত সামাজিক আৰু জাতীয় দৃষ্টিভংগী থকা উচিত ৷ যি ত্যাগৰ বাবে জীয়াই থাকে তেওঁ সত্যাগ্ৰহ আৰু অহিংস নীতি গ্ৰহণ কৰিব পাৰে ৷

গান্ধীজীৰ আদৰ্শ প্ৰয়োজনীয়

তদুপৰি আনৰ অপমান সহ্য কৰিব পৰা শক্তি থকা উচিত ৷ গান্ধীজীৰ জীৱন অবজ্ঞাৰে পৰিপূৰ্ণ আছিল, তেখেতক আনকি ৰে'লৰ পৰাও পেলাই দিয়া হৈছিল ৷ তথাপিও কিন্তু বাপু কোনোদিন ক্ষুব্ধ হোৱা নাছিল ৷

গান্ধীজীৰ আদৰ্শ প্ৰয়োজনীয়

বৰ্তমান সময়ত গান্ধীবাদ ভালদৰে শিকোৱা হোৱা নাই :

বৰ্তমান সময়ত গান্ধীবাদ সম্পূৰ্ণ শুদ্ধভাৱে শিকোৱা নহয় ৷ এইদৰে আক্ষেপ কৰি আন্না হাজাৰেয়ে কয় যে, গান্ধীবাদী চিন্তাধাৰা প্ৰত্যেকৰে জীৱনত থকা উচিত যদিও দৰাচলতে সেইয়া হৈ উঠা নাই ৷ পৰিয়াল সমূহকো জাতীয় মূল্যবোধে উদ্বুৰ্ধ কৰিব পৰা নাই ৷ শিশুসকলক গান্ধীৰ আদৰ্শ শিকোৱা উচিত যদিও সেয়া পৰিলক্ষিত নহয় ৷ আনকি বিদ্যালয় মহাবিদ্যালয়তো মূল্যবোধৰ অৱক্ষয় ঘটিছে ৷ শিশুসকলক কেৱল পাঠ্য-পুথিৰ জৰিয়তে মূল্যবোধৰ শিক্ষা দিয়া হৈছে যদিও বাস্তৱ জীৱনত ইয়াৰ প্ৰায়োগিক অনুশীলন শিকোৱা হোৱা নাই ৷

Intro:Body:

gandhi

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.