ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত প্ৰাক্তন খেলুৱৈ চেতন চৌহান

author img

By

Published : Jul 12, 2020, 1:23 PM IST

Updated : Jul 12, 2020, 1:31 PM IST

বৰ্তমানৰ ৰাজনৈতিক নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহানৰ দেহত মহামাৰী COVID-19 ৰ উপস্থিতি । শুকুৰবাৰে প্ৰাক্তন খেলুৱৈ গৰাকীৰ দেহত COVID-19 ৰ উপস্থিতি লাভ কৰাৰ পাচতে লক্ষ্ণৌৰ সঞ্জয় গান্ধী পিজিআই হাস্পতালত ভৰ্তি কৰোৱা হয় চৌহানক ।

চেতন চৌহান
চেতন চৌহান

নিউজ ডেস্ক, ১২ জুলাইঃ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমাৰ ৰাজনৈতিক নেতা চেতন চৌহানৰ দেহত মহামাৰী COVID-19ৰ উপস্থিতি । শনিবাৰে টুইটাৰযোগে এই কথা সদৰি কৰিলে ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ আকাশ চোপ্ৰাই ।

আকাশ চোপ্ৰাই টুইটযোগে লিখে যে, " প্ৰাক্তন ক্ৰিকেট খেলুৱৈ চেতন চৌহানৰ দেহত মহামাৰী # COVID-19ৰ উপস্থিতি । তেখেত শীঘ্ৰে আৰোগ্য হৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰিব । আপুনি সোনকালে সুস্থ হৈ উঠক ছাৰ । আপোনালোকল বাবে এই কঠিন সময়... বিগ বী আৰু চেতন ডাঙৰীয়া ।"

তথ্য অনুসৰি, চেতন চৌহানে শুকুৰবাৰে মহামাৰী COVID-19ৰ পৰীক্ষা কৰে । প্ৰাক্তন খেলুৱৈ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰাৰ পাচতে লক্ষ্ণৌৰ সঞ্জয় গান্ধী পিজিআই হাস্পতালত ভৰ্তি কৰাই পৰিয়ালৰ লোকে ।

উল্লেখ্য যে, চৌহানে শতকৰ অবিহনেই তেখেতৰ ক্ৰিকেট কেৰিয়াৰত ২০২৪ন ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । লগতে বিশিষ্ট ক্ৰিকেট খেলুৱৈ সুনীল গাভাস্কাৰ সৈতে চৌহানে অপেনাৰৰ ৰূপত জনপ্ৰিয় জুটি হিচাপেও পৰিচিত । চৌহানে টেষ্ট ক্ৰিকেট সৰ্বোচ্চ ৯৭ স্কৰ কৰাৰ উপৰিও এই বেল্টত তেখেতে ১৬ টা অৰ্ধশতক কৰে ।

Last Updated : Jul 12, 2020, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.