ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে লালু প্ৰসাদ যাদৱৰ জামিন আবেদন - etv bharat

পশুখাদ্য কেলেংকাৰী ঘটনা সন্দৰ্ভত জামিনৰ আবেদন খাৰিজ লালুৰ

পশুখাদ্য কেলেংকাৰী ঘটনা সন্দৰ্ভত জামিনৰ আৰ্জি খাৰিজ লালুৰ
author img

By

Published : Apr 10, 2019, 5:08 PM IST

নতুন দিল্লী, ১০এপ্ৰিলঃ পশুখাদ্য কেলেংকাৰীৰ তিনিটা গোচৰত অভিযুক্ত আৰ জে ডিৰ মুখ্য লালু প্ৰসাদ যাদৱৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন এখন বিচাৰপীঠে বুধবাৰে খাৰিজ কৰে জামিনৰ আৱেদন। আনহাতে,কোটিটকীয়া কেলেংকাৰীৰ এই গোচৰকেইটা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে জ্যেষ্ঠ অধিবক্তা কপিল চিবালে ।

আনহাতে,মঙলবাৰে চিবিআইয়ে আদালতক অনুৰোধ জনোৱা এক আবেদনত উল্লেখ থকা অনুসৰি, ৰাজনৈতিক কাৰ্যকলাপৰ বাবে যাতে লালু প্ৰসাদক কোনোপধ্যে এৰি দিয়া নহয় । লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰে বাবেহে শাৰিৰীক অসুস্থতাৰ কাৰণ দৰ্শাই লালুয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলি আবেদনত উল্লেখ কৰে চিবিআইয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.