ETV Bharat / bharat

হাৰিয়ানাত মে'ৰ পৰা প্ৰথম পৰ্যায়ৰ লোকপিয়ল

হাৰিয়ানাত এই বৰ্ষৰে 1 মে'ৰ পৰা 15 জুনলৈ সম্পন্ন হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল ৷ নতুন দিল্লীত অনুষ্ঠিত এক বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মে'ৰ পৰা প্ৰথম পৰ্যায়ৰ লোকপিয়ল
লোকপিয়ল, 2021
author img

By

Published : Feb 15, 2020, 8:20 PM IST

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী : শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত এক বৈঠকৰ জৰিয়তে হাৰিয়ানাত প্ৰথম পৰ্য়ায়ৰ লোকপিয়ল সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৷ এই সিদ্ধান্ত অনুসৰি, 1 মে'ৰ পৰা 15 জুন, 2020 লৈ এই প্ৰক্ৰিয়া চলিব বুলি জানিব পৰা গৈছে ৷

2021 চনৰ লোকপিয়লৰ সমগ্ৰ প্ৰস্তুতি পুনৰীক্ষণৰ বাবে বিভাগীয় আয়ুক্ত, উপায়ুক্ত আৰু লোকপিয়লৰ মুখ্য বিষয়াসকল উপস্থিত থাকে এই বৈঠকত ৷ বৈঠকত অধ্যক্ষতা কৰে ভাৰতৰ লোকপিয়ল আয়ুক্ত তথা সাধাৰণ পঞ্জীয়ক বিবেক জোশীয়ে ৷

আনহাতে, এই লোকপিয়লৰ বাবে সৰ্বমুঠ 58,000 গাণনিক বিষয়া আৰু পৰ্যবেক্ষক নিযুক্ত কৰা হ'ব ৷ সূত্ৰৰ দ্বাৰা প্ৰকাশ পোৱা তথ্য অনুসৰি, দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল 9 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী, 2021 লৈ অনুষ্ঠিত হ'ব ৷ ইয়াৰোপৰি, 2021 বৰ্ষৰে 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈ সংশোধনী ৰাউণ্ডৰো ব্যৱস্থা কৰা হৈছে ৷

উল্লেখনীয় যে, Registrar General of India (RGI) য়ে প্ৰস্তুত কৰি উলিওৱা এক মোবাইল এপৰ জৰিয়তে সমগ্ৰ লোকপিয়লৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ৷

আৰু পঢ়ক : পঞ্জাৱৰ ছাংৰুৰত জীৱন্তে জ্বলিল 4 স্কুলীয়া শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.