ETV Bharat / bharat

কৃষকে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিশেষ অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী

author img

By

Published : Sep 27, 2020, 2:26 PM IST

চলিত মন কি বাতত দেশৰ কৃষকক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কৃষি বিধেয়ক 2020ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ সময়তে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত উল্লেখনীয় অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰে ৷

কৃষকে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিশেষ অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী
কৃষকে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিশেষ অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ : দেশৰ কৃষিখণ্ডলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰে দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকসকলে আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াত বিশেষ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে ৷ সমগ্ৰ দেশত কৃষি বিধেয়ক 2020ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে তেওঁৰ মাহিলী প্ৰকাশিত মন কি বাতত এইদৰে দেশৰ কৃষকসকলক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত দেশৰ কৃষকসকলৰ অৱদান অতুলনীয় আৰু কৃষকসকলৰ দ্বাৰাই দেশৰ উন্নতি সম্ভৱ বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে মহাত্মা গান্ধীৰ অৰ্থনৈতিক দৰ্শনৰ কথাৰে যদি দেশে পূৰ্বৰ পৰাই এই দৰ্শনক অনুকৰণ কৰিলেহেতেন তেতিয়া ভাৰত কেতিয়াবাই আত্মনিৰ্ভৰ হ'লহেতেন বুলিও কয় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে কিছু বছৰ পূৰ্বে বলৱৎ কৰা কৃষিজাত সামগ্ৰী বজাৰ কমিটী আইনৰ অধীনত ফল আৰু শাক-পাঁচলি অন্তৰ্ভূক্ত কৰাৰ ফলত বহুটো কৃষক লাভাম্বিত হৈছে বুলিও কয় ৷ দেশৰ কৃষিখণ্ডই কোভিড-19 মহামাৰীৰ মাজতো নিজৰ স্বকীয়তাৰে উদ্ভৱ হৈছে আৰু দেশৰ কৃষকসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছে ৷ কৃষিখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰে বিভিন্ন পৰ্যায়ৰ কৃষকসকল অধিক লাভাম্বিত হ'ব বুলি কয় প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.