ভূপাল, ২৪ এপ্ৰিলঃ বিতৰ্কিত মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বিজেপিৰ নেত্ৰী সাধৱী প্ৰজ্ঞাক প্ৰদান কৰা হৈছে বিশেষ নিৰাপত্তা । দেশৰ বিভিন্ন স্থানত লোকসভা নিৰ্বাচন অব্যাহত থকাৰ মাজতে ভূপাল সমষ্টিৰ বিজেপিৰ নেত্ৰীগৰাকীৰ বাসগৃহত কটকটীয়া নিৰাপত্তা নিশ্চিত কৰি নিয়োগ কৰা হৈছে বহুকেইগৰাকী নিৰাপত্তাৰক্ষী ।
কেৱল নিৰাপত্তাৰক্ষীয়ে নহয়, বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বাসগৃহৰ প্ৰৱেশদ্বাৰত মেটেল ডিটেক্টৰ মেশ্চিন ইন্ছষ্টল কৰাৰ লগতে বাসগৃহত প্ৰৱেশ সকলো ব্যক্তিৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ।
উল্লেখ্য যে, মঙলবাৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত একাংশ লোকে ক'লা পতাকা প্ৰদৰ্শন কৰাৰ পাচতে বিজেপিৰ নেত্ৰীগৰাকী নিৰাপত্তা কটকটীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ।