ETV Bharat / bharat

ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে ইটিভিয়ে - মনোৰঞ্জন প্ৰদান

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ৰাম'জী গ্ৰুপৰ অধীনৰ ইটিভিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ ৰামোজী গ্ৰুপৰ অধ্যক্ষ, পৰিয়াল বৰ্গ, কৰ্মচাৰীৰ উপস্থিতিত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ ৰাম'জী গ্ৰুপৰ অধীনৰ ইটিভি হৈছে এটা ভাৰতীয় টেলিভিছন চেনেল ৷ যিটো চেনেলে ইতিমধ্যে 25 টা বছৰ অতিক্ৰম কৰিলে ৷ 1995 চনত আৰম্ভ কৰা চেনেলটোৱে ইতিমধ্যে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইটিভি চেনেলৰ ভিতৰত সংগীত, চিনেমা আদি বহু কেইটা চেনেল আছে যি অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগান ৰাজ্যত বহুলভাবে জনপ্ৰিয় ৷

ETV 25-YEAR CELEBRATIONS
ৰামোজি গ্ৰুপৰ ইটিভি চেনেলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
author img

By

Published : Aug 27, 2020, 9:47 PM IST

Updated : Aug 27, 2020, 11:01 PM IST

নিউজ ডেস্ক, 27 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ৰাম'জী গ্ৰুপৰ অধীনৰ ইটিভিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ ৰাম'জী গ্ৰুপৰ অধ্যক্ষ, পৰিয়াল বৰ্গ, কৰ্মচাৰীৰ উপস্থিতিত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ ইটিভ প্ৰতিষ্ঠানৰ CEO বাপী নাইডু, RFC ৰ কাৰ্যবাহী সম্পাদক ৰাম মোহন ৰাও, বিজেয়শ্বৰী, ইনাডু বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক কিৰণকে মুখ্য কৰি আন বিষয়ববীয়াৰ উপস্থিতিত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷

ৰামোজি গ্ৰুপৰ ইটিভি চেনেলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

ৰাম'জী গ্ৰুপৰ অধীনৰ ইটিভি হৈছে এটা ভাৰতীয় টেলিভিছন চেনেল ৷ যিটো চেনেলে ইতিমধ্যে 25 টা বছৰ অতিক্ৰম কৰিলে ৷ 1995 চনত আৰম্ভ কৰা চেনেলটোৱে ইতিমধ্যে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইটিভি চেনেলৰ ভিতৰত সংগীত, চিনেমা আদি বহু কেইটা চেনেল আছে যি অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যত বহুলভাবে প্ৰচলিত ৷

জানিব পৰা মতে, ইটিভি দক্ষিণ ভাৰতৰ প্ৰথমটো চেটেলাইট চেনেল, যিয়ে 25 টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷ 1995 চনৰ 27 আগষ্টত প্ৰথমবাৰৰ বাবে ৰাম'জী গ্ৰুপে ইটিভি প্ৰতিষ্ঠান আৰম্ভ কৰিছিল ৷ সেই সময়ৰ দক্ষিণ ভাৰতৰ তথা বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে ইটিভিৰ শুভ উদ্বোধন কৰিছিল ৷ বৰ্তমান ইটিভি দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান সমূহৰ ভিতৰত এটা অন্যতম প্ৰতিষ্ঠান ৷ যিটো প্ৰতিষ্ঠানত বৰ্তমান উন্নত প্ৰযুক্তিৰ সহায়ত কাম কৰা হয় ৷

ইফালে, ইটিভিৰ ৰূপালী জয়ন্তী বৰ্ষত অভিনেতা চিৰঞ্জীৱে জনাই যে, দেশৰ টেলিভিছনৰ ভিতৰত ইটিভি ভাৰত এক উল্লেখনীয় ৷ লগতে, ৰাম'জী ৰাওক নিজৰ অভিভাৱক বুলিও মন্তব্য কৰিলে অভিনেতা গৰাকীয়ে ৷ 25 বছৰৰ এই সফলতাত সকলোৰে কষ্ট আৰু দৃঢ়তা জড়িত হৈ থকা বুলিও তেওঁ উল্লেখ কৰিলে ৷ লগতে, এই যাত্ৰাত অতিথি হিচাপে থাকিবলৈ পাই তেওঁ অতিশয় সুখী বুলিও উল্লেখ কৰে ৷

অভিনেতা নাগাৰ্জুনে ৰূপালী জয়ন্তী বৰ্ষত উল্লেখ কৰে যে, ইটিভিয়ে বৰ্তমান 25 বছৰ অতিক্ৰম কৰিলে ৷ 1995 চনত মই নিজেই ভাল লগা অনুষ্ঠান সমূহ ইটিভিত চাইছিলো ৷ ইটিভি সংগীতৰ অনুষ্ঠানটো বিশেষকৈ মোৰ বহুত প্ৰিয় আছিল ৷

অভিনেতা পৱন কল্যানে ইটিভিৰ 25 বছৰীয়া যাত্ৰাক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এই যাত্ৰাত ইটিভিয়ে বহুকেইটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাৰ বাবেও শুভকামনা জনাইছে ৷

ইয়াৰ উপৰিও, নিৰ্দেশক ৰাজামোলীয়ে ইটিভিক ৰূপালী জয়ন্তী বৰ্ষৰ শুভকামনা জনাই কয় যে, মোৰ সৈতে ইটিভিৰ এক পুৰণি সম্পৰ্ক আছে ৷ ইটিভিত মই মোৰ প্ৰথম ধাৰাবাহিকখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছিলো ৷ লগতে, ইটিভিৰ জৰিয়তে মানুহে সত্য বাতৰি পোৱা বুলিও তেওঁ উল্লেখ কৰে ৷

আনহাতে, ৰাম'জী গ্ৰুপৰ অধ্যক্ষ ৰাম'জী ৰাওৱে উল্লেখ কৰে যে, ইটিভিয়ে সদায় বাতৰিৰ লগতে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰাত সফল হৈছে ৷ লগতে, ইটিভি প্ৰতিষ্ঠা হোৱাৰ পিচতে দেশত সংবাদ প্ৰতিষ্ঠান বৃদ্ধি হোৱা বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, বৰ্তমান দৈনিক প্ৰায় 7 কোটি জনসাধাৰণে ইটিভি প্ৰত্যক্ষ কৰে ৷ ইয়াৰে প্ৰায় 1.5 কোটি লোকে প্ৰতিটো সময়তে ইটিভি প্ৰত্যক্ষ কৰে ৷ বৰ্তমান ইটিভি ডিজিটেল মাধ্যমতো উপলব্ধ ৷ প্ৰায় 3.6 কোটি লোকে ডিজিটেল মাধ্যমত ইটিভিৰ অনুষ্ঠান প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক : বাঘজান কাণ্ডঃ সাহাৰ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰাইজৰ

Last Updated : Aug 27, 2020, 11:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.