ETV Bharat / bharat

ভেলোৰ লোকসভা সমষ্টিত বাতিল হ'ল নিৰ্বাচন

স্বাধীন ভাৰতত প্ৰথম বাৰৰ বাবে ধনৰ জৰিয়তে ভোটাৰক প্ৰভাৱিত কৰাৰ আশংকাত বাতিল কৰা হৈছে নিৰ্বাচন ৷ সমষ্টিটোৰ ডি এম কে নেতাৰ গুদামঘৰটোৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন ৷

ভেলোৰ লোকসভা সমষ্টিত বাতিল হ'ল নিৰ্বাচন
author img

By

Published : Apr 17, 2019, 9:56 AM IST

দিল্লী,17এপ্ৰিল: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰ্দেশত তামিলনাডুৰ ভেলোৰ লোকসভা সমষ্টিৰ নিৰ্বাচন স্থগিত । নিৰ্বাচন আয়োগৰ অনুৰোধ অনুসৰি এই নিৰ্দেশ জাৰি ৰাষ্ট্ৰপতি কোবিন্দৰ । এই নিৰ্দেশ অনুসৰি ৰাজ্যখনৰ 39 খন আসনৰ পৰিৱৰ্তে 38 খন আসনত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।

টকাৰ বলত ভোটাৰক প্ৰভাম্বিত কৰাৰ চেষ্টা কৰাৰ আশংকাত নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কৰা অনুৰোধ অনুসৰি এই ভোটগ্ৰহণ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তথ্য অনুসৰি সমষ্টিটোৰ এগৰাকী ডিএমকে নেতাৰ গুদামঘৰৰ পৰা জব্দ কৰা হৈছিল প্ৰায় 11 কোটি টকা ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 18 এপ্ৰিলত ভেলোৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

উল্লেখযোগ্য যে , নিৰ্বাচনৰ পূৰ্বে বিভিন্ন তালাচীত তামিলনাডুত প্ৰায় 500 কোটি টকা পৰিমাণৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে ৷ ইয়াৰে 205 কোটি টকা নগদ ধন আৰু বাকী মূল্য সোণ জব্দ কৰা হয় ৷

ইয়াৰোপৰি আইন শৃংখলাজনিত কাৰণত 18 এপ্ৰিলৰ পৰা 23 এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে ত্ৰিপুৰাৰ ইষ্ট ত্ৰিপুৰা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ৷ ৰাজ্যখনৰ ৱেষ্ট ত্ৰিপুৰা সমষ্টিত প্ৰথম পৰ্য়ায়ত 11 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হয় ৷

Elections in Vellore cancelled , ভেলোৰ লোকসভা সমষ্টিত বাতিল হ'ল নিৰ্বাচন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.