ETV Bharat / bharat

আজি অসমকে ধৰি চাৰি ৰাজ্যত পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান

author img

By

Published : Dec 28, 2020, 10:29 AM IST

28 আৰু 29 ডিচেম্বৰত অসম, পাঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান ৷ ক'ভিড-19 প্ৰতিষেধক অভিযানৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিবৰ বাবে আয়োজন কৰা হৈছে এই পৰীক্ষণৰ ৷

অসমকে ধৰি চাৰি ৰাজ্য
পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগা ক'ভিড-19 ৰ প্ৰতিষেধক প্ৰদান অভিযানৰ পূৰ্বে আজি সোমবাৰৰ পৰা দুদিনীয়াকৈ চাৰিখন ৰাজ্যত প্ৰদান কৰা হ'ব পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান ৷

ক'ভিড-19 প্ৰতিষেধক অভিযানৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিবৰ বাবে 28 আৰু 29 ডিচেম্বৰত অসম, পাঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটত কেন্দ্ৰীয় চৰকাৰে এই পৰীক্ষণমূলক অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, এই অনুশীলনত থাকিব Co-WIN ত তথ্য সঞ্চয়, প্ৰতিষেধক অনলাইন যোগান ধৰাৰ বাবে প্লেটফৰ্মৰ তত্বাৱধান, ৰছিদ পৰীক্ষণ আৰু আবন্টন, সদস্য মোতায়েন, প্ৰতিষেধক প্ৰদানৰ মক ড্ৰিল আদি ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, প্ৰতিখন ৰাজ্যৰে দুখনকৈ জিলাত এই পৰীক্ষণমূলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷ জিলা হাস্পতাল, নগৰাঞ্চল, ব্যক্তিগত হাস্পতাল, গ্ৰামাঞ্চলত এই পৰীক্ষণ কৰা হ'ব ৷

ইয়াৰ জৰিয়তে প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ সঠিক ৰূপায়নৰ বাবে পথ প্ৰদৰ্শন কৰিব পাৰিব ৷ ইয়াৰ ফলত প্ৰক্ৰিয়াটোত কোনো উন্নত ব্যৱস্থা গ্ৰহণৰ বাবেও সহায়ক হ'ব ৷

উল্লেখ্য যে, ভাৰতত আঠটা ক'ভিড-19 প্ৰতিষেধকৰ প্ৰাৰ্থী আছে ৷ ইয়াৰে তিনিটা থলুৱা প্ৰতিষেধক আছে ৷ এই তিনিওটা প্ৰতিষেধক বিভিন্ন ক্লিনিকেল ট্ৰায়েলৰ পৰ্যায়ত আছে ৷ AstraZeneca আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা আৰু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াত উৎপাদন কৰা ক'ভিশ্বিল্ড, ভাৰত বায়টেক লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা কোভাক্সিন আৰু Zydus Cadila আৰু ৰাছিয়াৰ প্ৰতিষেধক প্ৰাৰ্থী স্পুটনিক-ভিৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা ZyCoV-D হৈছে এই তিনিটা প্ৰতিষেধক ৷

এই তালিকাত আৰু আছে SII ৰ দ্বাৰা প্ৰস্তুত কৰা NVX-CoV2373, জেনেভাৰ দ্বাৰা প্ৰস্তুত কৰা HGCO19, বায়'লজিকেল ই লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা Recombinant Protein Antigen based vaccine আৰু ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত কৰা Inactivated rabies vector platform ৷

দেশৰ সকলো অঞ্চলতে ক'ভিড-19 প্ৰতিষেধক বিতৰণৰ বাবে প্ৰস্তুত হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব প্ৰতিষেধক প্ৰস্তুতকাৰীসকলে ৷ ইয়াৰোপৰি বিভিন্ন ৰাজ্যত প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ আৰু প্ৰতিষেধক লাভ কৰিবলগা সকলৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণত 2,360 গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰে ৷ বৰ্তমান পৰ্যন্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হৈছে ৷ জিলা পৰ্যায়ৰ 7,000 প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.