ETV Bharat / bharat

ড্ৰ’ণ যুদ্ধ : মানৱবিহীন আকাশী যানৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ ভাৰত সাজুনে ? - সশস্ত্ৰ ড্ৰ’ণ

ড্ৰ’ণক বহুসময়ত আকাশত ক্ষমতাৰ নিয়ন্ত্ৰক হিচাপে পৰিলক্ষিত হৈছে ৷ যুদ্ধক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মানৱযুক্ত বিমানক আক্ৰমণ কৰালৈ সকলোতে আগত আছে ড্ৰ’ণ ৷ কমমূল্যৰ সশস্ত্ৰ ড্ৰ’ণে সামৰিকভাৱে কম শক্তিশালী দেশসমূহক তেওঁলোকৰ শত্ৰুক আকাশৰ পৰা দমণ কৰিবলৈ ক্ষমতা প্ৰদান কৰে ৷ বিষম যুদ্ধশৈলীৰে ড্ৰ’ণক কিদৰে ব্যৱহাৰ কৰিব পাৰি তাক লৈ ইটিভি ভাৰতৰ সহকাৰী বাতৰি সম্পাদক পি আব্ৰাহাম ভাৰ্গিছৰ এক প্ৰতিবেদন ৷

ড্ৰ’ণ যুদ্ধ : মানৱবিহীন আকাশী যানৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ ভাৰত সাজুনে ?

author img

By

Published : Jan 23, 2021, 7:44 PM IST

নিউজ ডেস্ক, 23 জানুৱাৰী : আকাশমাৰ্গৰ দখল যুদ্ধক্ষেত্ৰৰ প্ৰথম প্ৰয়োজনীয়তা হিচাপে গণ্য কৰা হয়, যেতিয়া আমি আধুনিক যুদ্ধৰ কথা কওঁ ৷ ব্ৰিটেইনৰ যুদ্ধৰ সময়ত ব্ৰিটিছ বায়ুসেনাই তেওঁলোকৰ ৰজাক ৰক্ষা কৰাৰ উপৰিও মিত্ৰশক্তিৰ সেনাক পৰাভূত কৰি লৈ ইউৰোপৰ আকাশত দপদপাই আছিল ৷

এই গতিৰেই বৰ্তমানৰ আধুনিক যুদ্ধশৈলীত আধুনিক প্ৰযুক্তিক অধিক শক্তিশালী, ক্ষীপ্ৰ আৰু মাৰক ক্ষমতাৰে মহীয়ান কৰি যুঁজাৰু বিমানে আজিৰ আকাশত দপদপাই আছে ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ পঞ্চম প্ৰজন্মৰ F 22 আৰু F 35, ৰাছিয়াৰ Sukhoi 57 আদি যুঁজাৰু বিমান বিশ্বৰ ভিতৰতে অধিক শক্তিশালী যুঁজাৰু বিমান ৷ বৰ্তমানে এইসমূহ দেশে ষষ্ঠ প্ৰজন্মৰ যুঁজাৰু বিমানৰ উন্নয়ন কৰিবলৈ কাম লাগি আছে যদিও ইয়াৰ বিকাশ হ’বলৈ এতিয়াও বাকী আছে ৷

অৱশ্যে এই গতিত বিশ্ববাসীয়ে এক পৰিৱৰ্তন দেখিবলৈ পালে যেতিয়াই যুদ্ধক্ষেত্ৰত আকাশী ক্ষমতাৰ দিশটো আহিল ৷ নাগাৰ্নো-কাৰাবাখ যুদ্ধক লৈ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ যুদ্ধত আৰ্মেনিয়াৰ প্ৰধান প্ৰধান সামৰিক ঘাটিৰ লগতে শক্তিসমূহ তচনচ হৈ পৰিছিল ড্ৰ’ণ ষ্ট্ৰাইকত ৷ ইয়াৰ পিচতেই আৰ্মেনিয়াই পৰাজয়বৰণ কৰি ৰাছিয়াৰ সহায়ত যুদ্ধবিৰতিলৈ আহিছিল ৷

ইজৰাইল আৰু তুৰ্কীৰ পৰা ক্ৰয় কৰা এইসমূহ ড্ৰ’ণে আৰ্মেনিকাক বিধ্বস্ত কৰিছিল ৷ মানৱযুক্ত আকাশীযানৰ পৰিৱৰ্তে যুদ্ধক্ষেত্ৰত আক্ৰমণ কৰিবলৈ ড্ৰ’ণসমূহ অধিক শক্তিশালী হিচাপে পৰিলক্ষিত হৈছে ৷ কমখৰচী আৰু সশস্ত্ৰ ড্ৰ’ণে শত্ৰুপক্ষত আকাশমাৰ্গৰ পৰা আক্ৰমণ কৰি কম সময়ৰ ভিতৰত আঠু কঢ়োৱাই দিয়াৰ ক্ষমতা আছে ৷ অন্যহাতে ইয়াক আৰু বিষম কৰি যুদ্ধনীতিত ব্যৱহাৰ কৰিব পৰা যায় ৷

ভাৰতে শেহতীয়াকৈ বায়ুসেনাৰ স্কোৱাড্ৰণৰ ক্ষমতা বঢ়াবলৈ 83খন টেজাছ যুদ্ধবিমান ক্ৰয়ত অনুমোদন জনাইছে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লগতে নিয়ন্ত্ৰণৰেখাত খাপ পিটি থকা শত্ৰুপক্ষক উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰতে কেৱল যুদ্ধবিমানত বিনিয়োগ কৰাৰ উপৰিও সশস্ত্ৰ ড্ৰ’ণৰ ফ্লীট ক্ৰয়টো অধিক মনোনিৱেশ কৰাটো প্ৰয়োজনীয় হিচাপে দেখা দিছে ৷

মানৱবিহীন আকাশী যান প্ৰযুক্তি উন্নত কৰি তোলাটো ভাৰতৰ প্ৰতিৰক্ষা সংস্থাসমূহৰ প্ৰথম কাৰ্য হোৱা উচিত, যাৰ দ্বাৰা দেশত দ্বিতীয় সশস্ত্ৰ বায়ু বাহিনীৰ প্ৰয়োজন পুৰণ হ’ব ৷ চীনৰ নিজা ড্ৰ’ণ প্ৰযুক্তি আছে আৰু পাকিস্তানে ইয়াৰ বাবে তুৰ্কীৰ পৰা সহায় লাভ কৰিছে ৷ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই প্ৰস্তুত কৰি উলিওৱা Rustom 1 আৰু 2ৰ লগতে Ghatak ড্ৰ’ণে যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ সাজু নহয় ৷

অৱশ্যে শেহতীয়া স্থলসেনা দিৱসত ভাৰতীয় স্থলসেনাই প্ৰদৰ্শণ কৰা আত্মঘাতী ড্ৰ’ণ সক্ষমতা প্ৰদৰ্শণ কৰিছে যিয়ে দেৰিকৈ হ’লেও ভাৰতক যুদ্ধক্ষেত্ৰৰ বাবে সাজু হ’ব পৰাকৈ আশাৰ বতৰা প্ৰদান কৰিছে ৷

যদি ড্ৰ’ণবোৰক তৰোৱাল বুলি ধৰা হয় তেতিয়া ইয়াৰ পৰৱৰ্তী পদক্ষেপ হৈছে তৰোৱালৰ আক্ৰমণৰ বাবে ঢাল প্ৰস্তুত কৰা ৷ সশস্ত্ৰ ড্ৰ’ণৰ বিৰুদ্ধে প্ৰতিৰক্ষা গঢ়ি তোলাতো এতিয়াও বহুক্ষেত্ৰত পাৰম্পৰিক বিমান-প্ৰতিৰোধী অস্ত্ৰ প্ৰণালীৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে ৷ এয়া ভাৰতৰ বাবে শুভলক্ষণ নহয়, কিয়নো বিমান-প্ৰতিৰোধী অস্ত্ৰ প্ৰণালীয়ে সকলো সময়তে আমাক প্ৰতিৰক্ষা প্ৰদান কৰিবলৈ সক্ষম নহ’ব ৷ ভাৰতৰ বাবে ড্ৰ’ণৰ সমান্তৰালকৈ ড্ৰ’ণ প্ৰতিৰোধী অস্ত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সমানেই গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে ৰাডাৰকে ধৰি সূক্ষ্ম কম্পনাংক ব্যৱহাৰ কৰা অস্ত্ৰপ্ৰণালী বিকশিত কৰি তুলিব লাগিব ৷ সদৌশেষত আমাক প্ৰয়োজন হ’ব বিদ্যুতীয় চাৰ্কিট যিয়ে এইসমূহ ড্ৰ’ণৰ লগতে ইয়াক নিয়ন্ত্ৰণত সহায় কৰিব ৷ বহু দেশে ইতিমধ্যে এনেকুৱা প্ৰযুক্তি প্ৰদৰ্শণ কৰিছে যাৰ দ্বাৰা বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰ্যন্ত ৰোধ কৰিব পৰা যায় ৷

ভাৰতৰ প্ৰতিৰক্ষা প্ৰত্যাহ্বানসমূহ অধিক বৃহৎ আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবৰ এটাই উপায় আছে ৷ সেয়া হৈছে দেশৰ মিলিটাৰী উদ্যোগে অতীতৰ অস্ত্ৰপ্ৰণালী উন্নত কৰি তোলাৰ বিপৰীতে ভৱিষ্যতৰ অস্ত্ৰপ্ৰণালীৰ সৈতে সাজু হোৱা ৷

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস : নৌ-সেনাৰ প্ৰতীকপদত থাকিব 71’ৰ যুদ্ধৰ বিজয়গাঁথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.