নিউজ ডেস্ক, 26 মেঃ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰিষদে মেক ইন ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা উচ্চ প্ৰযুক্তিসম্পন্ন স্বদেশীয় বোমাৰ সফল পৰীক্ষণ সমাপ্ত কৰিছে ৷ ইনাৰছিয়েলি গাইদেড 500 কিলোগ্ৰাম ওজনৰ এই বোমাটো ৰাজস্থানৰ পোখৰান ৰেঞ্জত পৰীক্ষণ কৰা হয় ৷
বোমাটোৰ পৰীক্ষণত ভাৰতীয় বায়ু সেনাৰ ছুখই 30 এমকেআই যুঁজাৰু বিমান ব্যৱহাৰ কৰে ডি আৰ ডি অ'ৱে ৷ পৰীক্ষণৰ সময়ত বোমাটোৱে নিৰ্ধাৰিত সময়ত 30 কিলোমিটাৰ দুৰত্বৰ পৰা লক্ষ্যস্থানত সঠিক আঘাত হানিবলৈ সক্ষম হয় ৷
উল্লেখ্য চলিত বৰ্ষত প্ৰতিৰক্ষা খণ্ডত কেইবাটাও সফল পৰীক্ষণ সমাপ্ত কৰিবলৈ সক্ষম হৈছে ডি আৰ ডি অ'ৱে ৷ ইয়াৰ ভিতৰত ভাৰতীয় বায়ু সেনাৰ সহযোগত ব্ৰাহ্মোছ মিছাইলৰ বায়ু সংস্কৰণ, নৌ-সেনাৰ সহযোগত মেন পৰ্তেবল এন্টি টেংক গাইদেড মিছাইল, অভ্যাছ মিছাইলৰ লগতে পিনাকা মিছাইল অন্যতম ৷