নিউজ ডেস্ক, ১৩জুন: টিচিপিএলৰ মতে ডিজিটেলি পৰিৱৰ্তনেই হ'ব কোম্পানীৰ বৃদ্ধিৰ প্ৰধান চালক। টাটা গ্ৰুপৰ এই প্ৰতিস্থানটোৰ মতে ডিজিটেলি পৰিৱৰ্তনে এই ক্ষেত্ৰত কোম্পানীটোৰ ক্ষমতা মজবুত কৰি তুলিছে। প্ৰতিস্থানটোৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে ।
মহামাৰী ক'ৰণাৰ হেতু উপভোক্তাৰ ব্যৱহাৰত এক দীৰ্ঘকালীন পৰিৱৰ্তন আশা কৰা হৈছে । যিহেতু সীমিত সময়ৰ বাবে জনসাধাৰণৰ ব্যৱহাৰ বৃদ্ধি পাব,তেনে সময়ত নিজে সংগ্ৰহ অথবা হোম ডেলিভাৰীৰ ক্ষেত্ৰত আকৌ অৰ্ডাৰ হ্ৰাস পাব। সেয়েহে কোম্পানীটোৱে বজাৰ দখলৰ নতুন কৌশল উদ্ভাৱনত অধিক গুৰুত্ব দিয়াৰ লগতে খাদ্যজাত সামগ্ৰী আৰু পানীয়ৰ ক্ষেত্ৰত অধিক বাণিজ্য আশা কৰিছে ।
সেয়েহে টিচিপিএল-য়ে এক দীৰ্ঘকালীন পৰিকল্পনাৰে কোম্পানীৰ দক্ষতা অধিক মজবুত কৰি তোলা পৰিলক্ষিত হৈছে । প্ৰতিস্থানটোৰ ব্যৱস্থাপনা পৰিচালক তথা মুখ্য কাৰ্যনিৰ্বাহক সুনিল ডিচুজাই বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে,"আমি ব্যৱসায় বৃদ্ধিৰ বাবে ডিজিটেল পৰিৱৰ্তনক প্ৰধান চালক হিচাবে গণ্য কৰাৰ লগতে এই ক্ষেত্ৰত আমাৰ কাৰ্যক্ষমতাও অধিক টনকিয়াল কৰি তুলিছো । ইয়াত সামগ্ৰী ক্ৰয়ৰ বাবে এখন ডিজিটেল প্লেটফৰ্ম অন্তৰ্ভূক্ত থাকিব,যাৰ দ্বাৰা সকলোৰে চাহিদা পূৰণ কৰিবলৈ আমি সক্ষম হ'ম । উপভোক্তাই সহজতে সামগ্ৰী পাব পৰাকৈ প্ৰতিস্থানটোৱে ইতিমধ্যে বহুকেইটা বিতৰণকাৰী সংস্থা আৰু ই-কমাৰ্চ সংস্থাৰ লগত চুক্তিবদ্ধ হৈছো। নতুন এখন বিশ্বৰ বাস্তৱতাৰ সুযোগ গ্ৰহণ কৰি আমি আমাৰ ডিজিটেল এজেণ্ডা অধিক গতিশীল কৰি তুলিছো ।"
মূখ্য কাৰ্যনিৰ্বাহক গৰাকীৰ মতে,মহামাৰী ক'ৰণা আৰু লক ডাউনৰ সময়চোৱাত গ্ৰাহকৰ বিশ্বাস,অভ্যাস আৰু ক্ৰয় প্ৰক্ৰিয়াত উল্লেখযোগ্য পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে,টিচিপিএল-য়ে টাটা নিমখ,টাটা টি,টেটলি,এইট অ' ক্লক আৰু হিমালয়ান ৱাটাৰৰ দৰে জনপ্ৰিয় বহুকেইটা ব্ৰেণ্ডৰ মাৰ্কেটিং কৰি আহিছে ।
লগতে চাওকঃ পৰিস্থিতি সাপেক্ষে গুৱাহাটীত পুনৰ হ'ব পাৰে লক ডাউনঃ হিমন্ত বিশ্ব শৰ্মা