ETV Bharat / bharat

ভাৰতৰ ক'লা ধনৰ সঠিক তথ্য দিয়াটো কঠিন! - BHARAT

কংগ্ৰেছৰ নেতা বিৰাপ্পা মইলীৰ অধ্যক্ষতাত গঠিত সমিতিখনে প্ৰকাশ কৰা অনুসৰি ভাৰতত তথা বিদেশত থকা ক'লা ধনৰ সঠিত তথ্য প্ৰদান কৰাটো কঠিন ৷প্ৰতিবেদনত বিত্ত মন্ত্ৰণালয়ক দেশৰ বাহিৰৰ ক'লা ধন উভতাই আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

3655548
author img

By

Published : Jun 25, 2019, 1:00 PM IST

নতুন দিল্লী,25 জুন : পূৰ্বৰ লোকসভাৰ সংসদীয় সমিতিয়ে সোমবাৰে দাখিল কৰে ক'লা ধনৰ বিষয়ত প্ৰাৰম্ভিক প্ৰতিবেদন ৷ কংগ্ৰেছৰ নেতা বিৰাপ্পা মইলীৰ অধ্যক্ষতাত গঠিত সমিতিখনে প্ৰকাশ কৰা অনুসৰি ভাৰতত তথা বিদেশত থকা ক'লা ধনৰ সঠিত তথ্য প্ৰদান কৰাটো কঠিন ৷প্ৰতিবেদনত বিত্ত মন্ত্ৰণালয়ক দেশৰ বাহিৰৰ কলা ধন উভতাই আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

2018 আৰু 2019 চনৰ সংসদীয় বিত্তীয় স্থায়ী সমিতিখনে প্ৰকাশ কৰা অনুসৰি দেশৰ বাহিৰৰ তথা দেশৰ ক'লা ধনৰ হিচাপ উলিওৱাটো ভাৰতৰ ক্ষেত্ৰত সহজ নহয় ৷
2018 আৰু 2019 চনৰ স্থায়ী সমিতিখনে জনোৱা অনুসৰি সংসদীয় সমিতিৰ নিৰ্দেশ অনুসৰি ক'লা ধনৰ ওপৰত "নেশ্বনেল ইন্সটিটিউত অৱ পাব্লিক ফাইনেন্স এণ্ড পলিচি" , 'নেশ্বনেল কাউনচিল অৱ এপলাইড ইকন'মিক ৰিচাৰ্চ" আৰু নেশ্বনেল ইন্সটিটিউট অৱ ফাইনেনচিয়েল মেনেজমেণ্টে তথ্য প্ৰকাশ কৰিছিল৷ এই তথ্য অনুসৰি ৰিয়েল ইষ্টেট , খনি,ঔষধ নিৰ্মাণ, পাণ মচালা , গুটকা, ধপাতৰ কাৰখানা , ছবি নিৰ্মাণ, শিক্ষা প্ৰতিষ্ঠান আদি বিভিন্ন ক্ষেত্ৰত হিচাপ বিহীন আয়ৰ পৰিমাণ সৰ্বাধিক ৷

সমিতি খনে ৰাজহ বিভাগৰ সচিবে দিয়া মৌখিক সাক্ষীৰ উদাহৰণ দি কয় যে, তিনিওটা সন্থাই দেশৰ আৰু দেশৰ বাহিৰৰ ক'লা ধনৰ সম্পত্তি তথা আয়ৰ পৃথককৈ তথ্য প্ৰদান কৰিছে ৷ তিনিওটা সন্থাই প্ৰদান কৰা তথ্যৰ যথেষ্ঠ পাৰ্থক্য আছে ৷ আৰ্থিক পৰামৰ্শদাতাৰ তথ্য অনুসৰি তিনিওটা সন্থাৰ তথ্যৰ ভিত্তিক ক'লা ধনৰ আয়ৰ এক সঠিক তথ্য প্ৰকাশ কৰা অসম্ভৱ ৷

Intro:Body:

https://etvbharat.page.link/v2ZKyxWWhVWWXYwx7

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.