ETV Bharat / bharat

দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নাৰী নিৰ্যাতনকাৰী আৰক্ষীক - নতুন দিল্লীৰ যান-বাহন আৰক্ষী

আৰক্ষী বিষয়া পুনীত গ্ৰেৱালৰ বিৰুদ্ধে 4 গৰাকীকৈ মহিলাই শাৰীৰিক নিৰ্যাতন আৰু দুব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল ৷ ইয়াৰ উপৰিও এগৰাকী নাবালিকাক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷

delhi police arrested police who harassing women
দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নাৰী নিৰ্যাতনকাৰী আৰক্ষীক
author img

By

Published : Oct 26, 2020, 1:12 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰঃ ৰাজধানী দিল্লীত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ ইটোৰ পিছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে নাৰী নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগ ৷

জানিব পৰা মতে, আৰক্ষী বিষয়া পুনীত গ্ৰেৱালৰ বিৰুদ্ধে 4 গৰাকীকৈ মহিলাই অশালীন মন্তব্য তথা দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল ৷ ইয়াৰ উপৰিও এগৰাকী নাবালিকাক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ যাৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ দক্ষিণ দ্বাৰকা থানাৰ আৰক্ষীয়ে শনিবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে পুনীত গ্ৰেৱাল নামৰ আৰক্ষী বিষয়াকগৰাকীক ৷

ইপিনে, নতুন দিল্লীৰ যান-বাহন আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্তৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত পুনীত গ্ৰেৱালক ন্যায়িক জিম্মাত লোৱাৰ পাছত আদালতে জে'ললৈ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে, 17অক্টোবৰত এগৰাকী মহিলাই আৰক্ষী বিষয়া পুনীত গ্ৰেৱালৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প'ষ্ট কৰিছিল ৷ ইয়াৰ পিছতে মহিলাগৰাকীৰ প'ষ্ট ভাইৰেল হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল ৷

লগতে পঢ়কঃদেশৰ সকলোৱে বিনামূলীয়াকৈ পাব প্ৰতিষেধক : কেন্দ্ৰীয় মন্ত্ৰী সাৰংগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.