ETV Bharat / bharat

উচ্চ ন্যায়ালয়ত খাৰিজ যৌনকৰ্মীসকলৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদন - উচ্চ ন্যায়ালয়ত খাৰিজ যৌনকৰ্মীসকলৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদন

দিল্লী উচ্চ ন্যায়ালয়ে সমকামী আৰু সমলিংগীয়সকলৰ লগতে যৌনকৰ্মীসকলে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন খাৰিজ কৰিছে । অধিবক্তা অনুৰাগ চৌহানে দাখিল কৰা আবেদনখনত এইসকল লোকৰ সুৰক্ষা আৰু বিকাশৰ ওপৰত যুক্তি আগবঢ়োৱা হৈছিল ।

উচ্চ ন্যায়ালয়ত খাৰিজ যৌনকৰ্মীসকল
উচ্চ ন্যায়ালয়ত খাৰিজ যৌনকৰ্মীসকল
author img

By

Published : May 11, 2020, 8:18 PM IST

নিউজ ডেস্ক, ১১ মে' : কোভিড-১৯ মহামাৰী তথা লকডাউনৰ মাজতে সমকামী আৰু যৌনকৰ্মীসকলক লৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন খাৰিজ কৰিছে আদালতে । কেন্দ্ৰ তথা দিল্লী চৰকাৰৰ পৰা এই আবেদনৰ জৰিয়তে সমকামী আৰু যৌনকৰ্মীসকলৰ বাবে খাদ্য, থকাৰ ব্যৱস্থা আৰু ঔষধ আদিৰ সহায় বিচাৰি এই আবেদন দাখিল কৰা হৈছিল । অধিবক্তা অনুৰাগ চৌহানে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এই আবেদন ।

ন্যায়াধীশ ৰাজীৱ চাহাই ইণ্ডলো আৰু সংগীতা ধিংৰা চেহগীলে এই আবেদন খাৰিজ কৰে । অৱশ্যে কি কাৰণত এই আবেদন খাৰিজ কৰা হৈছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই যদিও শীঘ্ৰেই ইয়াৰ কাৰণ দৰ্শাই এক নিৰ্দেশনা জাৰী কৰিব বুলি জানিব পৰা গৈছে । অধিবক্তা অনুৰাগ চৌহানে এই আবেদনৰ জৰিয়তে এইসকল লোকৰ বাবে এখন কমিটী গঠন কৰিবলৈ আহ্বান জনাইছিল । ইয়াৰ উপৰিও আবেদনখনত এক পৃথক অভিযোগ নিষ্পত্তি কক্ষ স্থাপনৰ বাবেও আহ্বান কৰা হৈছিল ।

অধিবক্তা চৌহানে জনোৱা অনুসৰি, বিগত ২ মে'ত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু গৱৰ্ণৰক এই সন্দৰ্ভত প্ৰতিলিপি প্ৰদান কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত এইদৰে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ।

লগতে পঢ়কঃ অভিযোগ নিষ্পত্তি কক্ষ; বিশ্ববিদ্যালয়সমূহলৈ ইউজিচিৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.