ETV Bharat / bharat

কোৱাৰান্টাইনত থকা তাবলিগী সদস্যক মুক্তিৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

author img

By

Published : May 6, 2020, 8:57 PM IST

প্ৰায় 4,000 তাবলিগী সদস্যক মুক্তিৰ নিৰ্দেশ দিল্লী চৰকাৰৰ ৷ কোৱাৰান্টাইনত আছিল এই লোকসকল ৷

প্ৰায় 4,000 তাবলিগী সদস্য
কোৱাৰান্টাইনত থকা তাবলিগী সদস্যক মুক্তিৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

নেশ্যনেল ডেস্ক, 6 মে' : দিল্লী চৰকাৰে বুধবাৰে বিভিন্ন চেন্টাৰত কোৱাৰান্টাইনত থকা তাবলিগী সদস্যসকলক মুক্তি প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ দিল্লীৰ গৃহ মন্ত্ৰী সত্যেন্দ্ৰ জেইনে এই নিৰ্দেশ প্ৰদান কৰে ৷

এই নিৰ্দেশত উল্লেখ থকা অনুসৰি, মাৰ্কাজ ঘটনা সন্দৰ্ভত যিসকল তাবলিগী সদস্যসকলৰ বিৰুদ্ধে তদন্ত কৰিব লাগিব সেইসকলক দিল্লী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ব ৷

নিৰ্দেশ অনুসৰি, অন্য লোকসকলক পুনে পুনে নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব ৷ এই সম্পৰ্কত ৰাজ্যসমূহৰ কমিছনাৰসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ গৃহ মন্ত্ৰণালয়ক জনোৱা হৈছে ৷

চৰকাৰৰ মতে, দিল্লীৰ কোৱাৰান্টাইন চেন্টাৰত প্ৰায় 4,000 তাবলিগী সদস্য আছে ৷ ইয়াৰে 900 লোক দিল্লীৰ নিবাসী হোৱাৰ পৰিৱৰ্তে অন্য লোকসকলৰ অধিকাংশ তামিলনাডু আৰু তেলেংগানাৰ বুলি জানিব পৰা গৈছে ৷

এই লোকসকলৰ পৰিবহণ ব্যৱস্থাৰ বাবে দিল্লী চৰকাৰে ৰাজ্যসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি প্ৰকাশ ৷

উল্লেখ্য যে, এক ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ বাবে দিল্লী নিজামুদ্দিন মাৰ্কাজত একত্ৰিত হৈছিল হাজাৰ হাজাৰ তাবলিগী জামাত সদস্য ৷ ইয়াৰ পাচতে বহুলোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত সেই অঞ্চলটো হটস্পট হিচাপে পৰিগণিত হৈছিল ৷ এই সদস্যসকলৰ বহুতে স্বাস্থ্য কৰ্মীৰ সৈতেও অভদ্ৰ ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰা হৈছিল ৷

তাবলিগীৰ পাচতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত মুছলমান ধৰ্মাৱলম্বী লোকসকলক ইয়াৰ বাবে লক্ষ্য কৰি লোৱা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.