নিউজ ডেস্ক,৯ জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰীৰ কোভিড-১৯ ফলাফল অৱশেষত নিগেটিভ আহিল মঙলবাৰে । অৰবিন্দ কেজৰিৱালে আজি নিজৰ কোভিড পৰীক্ষা কৰাইছিল আৰু বিয়লি ভাগলৈ ইয়াৰ ফলাফল নিগেটিভ আহে কেইদিন মানৰ আগলৈকে কেজৰিৱালৰ দেহত জ্বৰ আৰু কাহে দেখা দিছিল যি ক'ৰণা লক্ষণৰ লগত মিল থকা দেখি মুখ্য মন্ত্ৰীজনে কোভিড পৰীক্ষা কৰাই নিজৰ । আনহাতে কেজৰিৱালে নিজৰ দেহত কোভিডৰ লক্ষণ দেখি নিজকে সোমবাৰে আইছলেছন কৰি ৰাখিছিল নিজ গৃহতে ।
ইপিনে কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত দিল্লী চৰকাৰ,আম আদমি দল আৰু পৰিয়ালৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে ।
লগতে চাওকঃ বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে