ETV Bharat / bharat

ভাৰতে প্ৰথমে ব্যৱহাৰ কৰিব পাৰমাণৱিক অস্ত্ৰ! - প্ৰতিৰক্ষা মন্ত্ৰী পাৰমাণৱিক নীতি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ পাৰমাণৱিক নীতিৰ ওপৰত কৰা মন্তব্য সন্দৰ্ভত নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ মুখপাত্ৰ অভিষেক মানো সিংঘীৰ সংবাদ মেল ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাৰমাণৱিক নীতিৰ পৰিৱৰ্তনৰ কথা কলেও নতুন কি নীতি গ্ৰহণ কৰা হ'ব সেই কথা স্পষ্ট নকৰিলে বুলি সংবাদমেলত কংগ্ৰেছ মু্​খপাত্ৰ গৰাকীৰ কটাক্ষ ৷

Defense minister Rajnath Singh nuclear policy
author img

By

Published : Aug 17, 2019, 10:42 AM IST

নতুন দিল্লী, 17 আগষ্টঃ শুকুৰবাৰে কংগ্ৰেছৰ মুখপাত্ৰ অভিষেক মানো সিংঘীয়ে নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ পাৰমাণৱিক নীতিৰ ওপৰত কৰা মন্তব্যৰ সন্দৰ্ভত সংবাদ মেল অনুষ্ঠিত কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাৰমাণৱিক নীতিৰ পৰিৱৰ্তনৰ কথা কলেও নতুন কি নীতি গ্ৰহণ কৰা হ'ব সেই কথা স্পষ্ট নকৰিলে বুলি সংবাদমেলত কংগ্ৰেছ মু্​খপাত্ৰ গৰাকীয়ে মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু দিৱস উপলক্ষে পোখাৰণত অনুষ্ঠিত হোৱা সেনাবাহিনীৰ এটা অনুষ্ঠানত ৰাজনাথ সিঙে মন্তব্য কৰিছিল যে পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত ভাৰতে মানি অহা " No First Use" অৰ্থাৎ প্ৰথমে ব্যৱহাৰ নকৰাৰ নীতি পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিহাৰ কৰিব পাৰে ৷

মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছে কয় যে, চৰকাৰ, প্ৰশাসনৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰত্যেকজন লোকেই দেশৰ প্ৰতিৰক্ষা, সাৰ্বভৌমত্ব আৰু পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত সচেতন হ'ব লাগে, কিন্তু প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজহুৱাভাৱে এই ক্ষেত্ৰত অস্পষ্ট স্থিতি গ্ৰহণ কৰি নীতি পৰিৱৰ্তনৰ কথাটো কেৱল অনুমান কৰি চাব বিচাৰিছে ৷ লগতে কংগ্ৰেছ মুখমাত্ৰ গৰাকীয়ে কয় যে, " পাৰমাণৱিক নীতি পৰিৰ্বতন কৰি কি নতুন নীতি গ্ৰহণ কৰিব বিচৰা হৈছে সেই বিষয়ে স্পষ্টভাৱে দেশৰ জনসাধাৰণে জানিবলৈ পোৱা হ'লে সুখী হ'লহেতেন "৷

উল্লেখ্য যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক প্ৰমুখ্য কৰি দেশখনৰ চৰকাৰে ভাৰতৰ বিৰুদ্ধে কাৰ সমান্তৰাল ভাবে প্ৰয়োজনত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰাৰ পিছত শুকুৰবাৰে পাকিস্তান ধমক দি ৰাজনাথ সিঙে কয় যে, ‘ভাৰতে পাৰমাণবিক অস্ত্ৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ যি নীতি, সেই নীতি প্ৰযোজন হ’লে সলনি কৰিবলৈ বাধ্য হম’।

Intro:Body:

IMPO

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.