ETV Bharat / bharat

দিল্লীৰ AIIMSত কৰ'ণা আক্ৰান্তৰ মৃতদেহ সাল-সলনি,ঘটনা সন্দৰ্ভত গোচৰ ৰুজু

author img

By

Published : Jul 8, 2020, 9:47 AM IST

দিল্লীস্থিত AIIMS কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু দুটা পৰিয়ালৰ । দুগৰাকী ভিন্ন সম্প্ৰদায়ৰ কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাৰ মৃতদেহ সাল-সলনি হোৱাৰ অভিযোগতে গোচৰ ৰুজু কৰে AIIMS ৰ বিৰুদ্ধে ।

দিল্লীৰ AIIMS
দিল্লীৰ AIIMS

নিউজ ডেস্ক,৮ জুলাইঃ দেশৰ ভিতৰতে ডাঙৰ তথা উন্নতমানৰ চিকিৎসাৰ বাবে পৰিচিত দিল্লীস্থিত AIIMSত বিসংগতি । AIIMSৰ ট্ৰামা চেক্টৰত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা দুগৰাকী মহিলাৰ মৃতদেহ সাল-সলনি । কৰ'ণাত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যু হোৱা দুগৰাকীৰ মহিলাৰ মৃতদেহ প্ৰেৰণ কৰিলে দুটা বেলেগ বেলেগ সম্প্ৰদায়ৰ পৰিয়াললৈ । যাৰ বাবে AIIMSৰ এই কাণ্ডক লৈ ক্ষোভিত মৃত মহিলা দুগৰাকীৰ পৰিয়ালৰ লোক । কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা হিন্দু সম্প্ৰদায়ৰ মহিলা গৰাকীৰ মৃতদেহ অন্তিম সৎকাৰৰ বাবে মুছলিম সম্প্ৰদায়ৰ পৰিয়াললৈ প্ৰেৰণ কৰাৰ বিপৰীতে মুছলিম সম্প্ৰদায়ৰ মহিলা গৰাকীৰ মৃতদেহ হিন্দু পৰিয়াললৈ প্ৰেৰণ কৰে।

আনহাতে,মৃত দুয়োগৰাকী মহিলাৰ পৰিয়ালে ইতিমধ্যে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । তাৰোপৰি AIIMS কৰ্তৃপক্ষই ভুল স্বীকাৰ কৰি ঘটনাৰ বাবে ক্ষমা খোজাৰ লগতে পৰৱৰ্তী সময়ত এনে ঘটনা সংঘটিত নহয় বুলি মত প্ৰকাশ কৰে।

লগতে চাওকঃ মগজুৰ ৰোগৰ শেহতীয়া সংযোজন ব্ৰেইন ফগ আৰু ইয়াৰ প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.