ETV Bharat / bharat

মেৰী কমৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত পদ্মবিভূষণ প্ৰাপ্ত মেৰী কমৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ বিষয়ে এক অৱলোকন কৰা হ’ল ৷

author img

By

Published : Mar 1, 2020, 2:45 PM IST

Daughter of farmer, mother, world-beater: Celebrating Mary Kom's journey
মেৰী কমৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী

নিউজ ডেস্ক, 1 মাৰ্চঃ সপোনৰ পম খেদি ঘৰ এৰা ছোৱালীজনী কেনেকুৱা হ’ব, কেনেদৰে যুঁজে, সমস্যাবোৰৰ সৈতে যুঁজ দি, সংগ্ৰাম কৰি, অভ্যন্তৰীণ প্ৰতিবন্ধকতাবোৰক মষিমূৰ কৰি তাই কি অনুভৱ কৰে তাকে লৈ বহুতে চিন্তা কৰিবলগীয়া হয় । নিঃস্বাৰ্থভাৱে পতিক সহায় কৰা পত্নীগৰাকী, তেওঁৰ গ্লোভযোৰেৰে বক্সিং ৰিঙত যাতে ত্ৰিৰংগাই আধিপত্য বিস্তাৰ কৰে সেয়া নিশ্চিত কৰা মাতৃগৰাকী দেশৰ কমেও আধাসংখ্যক জনগণৰ হ’লেও আদৰ্শৰ প্ৰতীক ।

তেওঁৰ আজি জন্মদিন তথা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত আহক এইগৰাকী মহিলা বক্সাৰৰ যাত্ৰাৰ বিষয়ে অৱলোকন কৰোঁ । তেওঁ কেৱল পদ্মবিভূষণ প্ৰাপ্ত প্ৰথম মহিলা খেলুৱৈয়েই নহয়, আনকি বক্সিং ৰিঙত আঠবাৰৰ বিশ্ব চেম্পিয়ন ।

মণিপুৰৰ চূড়চান্দপুৰ জিলাত ১৯৮৩ চনৰ ১ মাৰ্চত মেৰী কমে জন্ম গ্ৰহণ কৰিছিল । তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে খেতিয়ক । মেৰী কমৰ প্ৰকৃত নাম মাংটে চুংনিচুং মেৰী কম । কিন্তু তেওঁৰ অনুৰাগীসকলে মৰমতে তেওঁক এম চি মেৰী কম বুলি কয় । বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে বহু প্ৰতিবন্ধকতা আৰু সংগ্ৰামৰ পাছত তেওঁৰ জীৱনত তথা ৰাজহুৱাভাৱে এই স্থানত উপনীত হ’বলৈ সক্ষম হৈছে ।

মেৰী কমৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী

সংগ্ৰামক বিজয়লৈ যিয়ে কৰিছে ৰূপান্তৰঃ

শিশু মেৰী কমে পিতৃ-মাতৃৰ সৈতে খেতিপথাৰলৈ গৈ খেতি-বাতিত সহায় কৰি দিছিল । শৈশৱৰ আদৰ্শ ডিংকো সিঙৰ অনুপ্ৰেৰণাতে তেওঁ বক্সিঙৰ প্ৰতি আকৰ্ষিত হয় ।অধ্যয়নত বৰ বেছি ভাল নোহোৱা মেৰী কম সদায় খেলৰ প্ৰতি গভীৰভাৱে আগ্ৰহী আৰু জড়িত আছিল । ৭ বছৰ বয়সত ভৰি দি বক্সিং ৰিঙৰ শীৰ্ষত উপনীত হৈ মেৰী কমে অনুভৱ কৰে যে, তেওঁ পঢ়া-শুনাও ভালদৰে কৰিব পাৰিলেহেঁতেন যদিও এফালে পৰিয়ালৰ পৰা প্ৰত্যাখ্যিত হৈছিল আৰু আনফালে মূৰত আৰ্থিক সমস্যাৰ বোজা আছিল । সাহসী আৰু দৃঢ়মনা পোন্ধৰ বছৰীয়া ছোৱালীজনীয়ে গ্লোভছ্ যোৰৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল আৰু পৰিয়ালৰ লোকসকলেও অৱশেষত মেৰী কমৰ উচ্চাকাংক্ষাক গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল । এনেদৰে তেওঁৰ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰা ২০০১ চনত আৰম্ভ হয় ।

এগৰাকী ‘ছুপাৰ মম’ হিচাপে মেৰী কমঃ

প্ৰতিগৰাকী সফল নাৰীৰ আঁৰত এজন পুৰুষ থাকে । মেৰীৰ বাবে সেই পুৰুষজন তেওঁৰ স্বামী অনলাৰ । অনলাৰ এগৰাকী বিখ্যাত ফুটবল খেলুৱৈ । পতি অনলাৰে মেৰীক সহায় কৰাই নহয়, তেওঁ অতিশয় স্মাৰ্টো ।২০০৫ চনত মেৰী আৰু অনলাৰে যুগ্মজীৱনৰ পাতনি মেলে । এইক্ষেত্ৰত মেৰী কমৰ প্ৰশিক্ষকসকল আশাহত হৈ পৰিছিল কিয়নো বিয়াৰ পাছত মেৰীয়ে বক্সিং ত্যাগ কৰিব বুলি তেওঁলোকে ভাবিছিল । কিন্তু তেওঁৰ সংকল্প আৰু দৃঢ়তাৰে পৃথিৱীখনক সলনি কৰি দিয়াৰ সাক্ষী হৈ ৰ’ল সময় ।

বিয়াৰ দুবছৰ পাছত এইগৰাকী মাতৃয়ে যমজ সন্তানৰ জন্ম দিয়ে । সিহঁতৰ জন্মৰ পাছত অনলাৰে ঘৰৰ দায়িত্ব লয় আৰু মেৰী কমে বক্সিং ৰিঙলৈ উভতি আহিবলৈ প্ৰশিক্ষণত নামি পৰে । তেওঁৰ ঐতিহাসিক প্ৰত্যাৱৰ্তনৰ পাছত দুটি সন্তানৰ মাতৃগৰাকীয়ে এনেদৰে যুঁজিবলৈ লয় যেন তেওঁ কাহানিও বক্সিং ৰিঙৰ পৰা আঁতৰত নাছিল । এনেদৰে মেৰী কমে দেশৰ বাবে চতুৰ্থটো বিশ্ব চেম্পিয়নৰ সোণৰ পদক আজুৰি আনে । এইগৰাকী মাতৃক ‘ছুপাৰ মম’ হিচাপে কোৱাৰ মূল কাৰণ হৈছে মাতৃত্ব লাভৰ পাছতহে তেওঁ অধিকাংশ সন্মান অৰ্জন কৰিছে ।

৩৭ বছৰীয়া মেৰী কম পদ্মবিভূষণেৰে বিভূষিত চতুৰ্থগৰাকী খেলুৱৈ আৰু প্ৰথমগৰাকী মহিলা খেলুৱৈ । গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দৰে আৰম্ভ হোৱা (২০০৭) তথা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ (২০০৮)আৰু বিখ্যাত পৰ্বতাৰোহণকাৰী ছাৰ এডমাণ্ড হিলাৰী(২০০৮ চনত তেণ্ডুলকাৰৰ সৈতে যুটীয়াভাৱে)অন্তৰ্ভুক্ত তালিকাখনত মেৰী কমো আছে ।শচীন তেণ্ডলকাৰে ২০১৪ চনত ভাৰত ৰত্নও লাভ কৰিছে ।

সন্মানেৰে পৰিপূৰ্ণ এক কেৰিয়াৰঃ

Mary Kom is the first boxer(male or female) to be সন্তান লাভ কৰাৰ আগেয়ে বা পূৰ্বে আঠবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী (পুৰুষ বা মহিলা) বক্সাৰ । ব্যক্তিগত কৃতিত্বৰ এক দীঘলীয়া তালিকা তেওঁ প্ৰস্তুত কৰিছে ।

২০১২ চনৰ লণ্ডন অলিম্পিকত যোগ্যতা অৰ্জন কৰা মেৰী কমেই আছিল প্ৰথমগৰাকী মহিলা আৰু দেশৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

আঠবাৰকৈ বিশ্ব চেম্পিয়নৰ সোণৰ পদক লাভ কৰা তেৱেঁই প্ৰথমগৰাকী বক্সাৰ ।

দক্ষিণ কোৰিয়াত ২০১৪ চনত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰি এছিয়ান গেমছত সোণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ মেৰী কম ।

কমনৱেলথ গেমছতো তেওঁ সোণৰ পদক অৰ্জন কৰিছে । পাঁচবাৰকৈ এছিয়ান এমেছাৰ বক্সিং চেম্পিয়নশ্বিপত জয়লাভ কৰা মেৰী কমেই একমাত্ৰ মহিলা বক্সাৰ ।

আৰু পঢ়কঃদিল্লী সংঘৰ্ষঃ পাঁচ দিনৰ অন্তত হাস্পতালৰ মৰ্গত ওলাল সন্ধানহীন যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.