ETV Bharat / bharat

বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jan 22, 2021, 10:38 AM IST

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শীৰ্ষ নেতা সকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰা হ'ব ৷ য'ত দলটোৰ ৱৰ্কিং কমিটি গঠন অথবা দলটোৰ নতুন সভাপতি নিৰ্বাচন কৰাৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক
বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : শুকুৰবাৰে নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ৷ বৈঠক খনত দলটোৰ কিছু আভ্যন্তৰীণ সাংগঠনিক দিশ তথা দেশৰ 5 খন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ মহামাৰী ক'ভিড-19ৰ বাবে দীৰ্ঘদিনে দলটোৰ নেতা সকলৰ মাজত বৈঠক অনুষ্ঠিত হোৱা নাছিল বাবে কিছু দিশত কাম আগবঢ়াব পৰা নাছিল ৷ গতিকে এই বৈঠকৰ জৰিয়তে সাংগঠনিক সাল-সলনি কৰাৰো সম্ভাৱনা আছে ৷

আন এক সূত্ৰই জনোৱা মতে, কংগ্ৰেছৰ ৱৰ্কিং কমিটি নিৰ্বাচন অথবা দলটোৰ নতুন সভাপতি নিৰ্বাচন এক দীঘলীয়া প্ৰক্ৰিয়া ৷ যিহেতু এতিয়া সময় বহুত কম গতিকে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেহে নেতা কৰ্মী সকলে গুৰুত্ব দিছে ৷ বিগত বছৰৰ আগষ্ট মাহতে দলটোৰ এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, প্ৰতি ছয় মাহৰ মূৰত শীৰ্ষ নেতা সকলৰ মাজত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি সাংগঠনিক নিৰ্বাচনৰ সময়সূচী চূড়ান্ত কৰা হ'ব ৷ কিন্তু মহামাৰীৰ বাবে সকলোবোৰ বন্ধ হৈ থাকিল ৷

ছোনিয়া গান্ধীক পুনৰ কংগ্ৰেছ দলৰ সভাপতি হিচাপে লৈ দলটোৱে কাম কৰি আহিছিল যদিও ছোনিয়া গান্ধীয়ে দলটোৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ কথা ভাবিছিল ৷ ইফালে, কেন্দ্ৰীয় নিৰ্বাচনী কৰ্তৃপক্ষই আভ্যন্তৰীণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগে লগে এআইচিচি প্ৰতিনিধিসকলৰ এখন তালিকা ইতিমধ্যে ছোনিয়া গান্ধীৰ ওচৰত দাখিল কৰিছে ।

লগতে পঢ়ক: কৰ্ণাটকৰ শিলৰ কুৱেৰীত বিস্ফোৰণ : নিহত 8 জন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.