নিউজ ডেস্ক, 4 জুলাইঃ দেশত 59 টা চীনা মোবাইল এপ নিসিদ্ধ কৰাটো এক গুৰুত্বপূৰ্ণ সংকেত যদিও ইয়াৰ পৰিণাম কি হ'ব সেয়া এতিয়াও সন্দেহৰ আৱৰ্ত্তত ৷ চীনক প্ৰত্যুত্তৰ দিবলৈ ভাৰতে এটা দীৰ্ঘম্যাদি কৌশল সাজু কৰা অতি আৱশ্যকীয় বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰে ORF (observer research foundation) ৰ চেয়াৰমেন সুঞ্জয় জোশীয়ে ৷ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে হোৱা কথোপকথনত তেওঁ কয় য়ে, ৰাতিৰ ভিতৰতে সৰবৰাহ প্ৰক্ৰিয়া এটাক শেষ কৰাটো অসম্ভৱ ৷ যদিহে আমি "মেড ইন চাইনা"ক এনেদৰে বাধা দিয়াৰ চেষ্টা কৰো তেন্তে "মেড ইন ইণ্ডিয়া"ৰ অধীনত থকা উদ্যোগসমূহো ব্যাহত হ'ব পাৰে ৷ তেওঁ কয় যে, চৰকাৰে এক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব ৷ যাতে ইয়াত উৎপাদনৰ খৰচ কম হয় ৷ শিল্পী আৰু চৰকাৰে ইটোৱে আনটোক বিশ্বাস কৰিব লাগিব ৷ তেওঁ কয, আমদানিৰ ক্ষেত্ৰত চীনৰ সলনি টাইবান বা ভিয়েতনামৰ ওপৰত নিৰ্ভৰ কৰিলে ইয়াৰ কোনো গেৰাণ্টি নাই যে, তেতিয়া চীনৰ প্ৰভাৱ কমি যাব ৷ বিশিষ্ট কৌশল বিশেষজ্ঞগৰাকীয়ে কয় যে, এই মহামাৰীৰ ফলত জীৱন আৰু জীৱিকাই যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ গতিকে ভাৰতে চীনৰ প্ৰতি এক বাস্তবমুখী মানসিকতা ৰাখিব লাগিব যাতে দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত নহয় ৷
সুঞ্জয় জোশীৰ সম্পূৰ্ণ সাক্ষাৎকাৰ -
প্ৰশ্নঃ ভাৰত চৰকাৰে 59 টা চীনা মোবাইল এপ নিসিদ্ধ কৰাটো এক সংকেত নে ই সঁচাকে চীনক ব্যাঘাত জন্মাব ?
সুঞ্জয়ঃ এই সিদ্ধান্ত চীনক কিছু বাৰ্তা প্ৰদানৰ উদ্দেশ্যে ৷ কিন্তু ইয়াৰ দ্বাৰা কিমান লাভ হ'ব সেয়া অনিশ্চিত ৷ সংঘাতৰ সময়ছোৱাত এই সংকেতে যথেষ্ট গুৰুত্ব বহন কৰিছে ৷ যদিহে আপুনি সৰবৰাহ বন্ধ কৰাৰ কথা আৰম্ভ কৰে তেন্তে কালিৰ পৰা চীনৰ ওপৰত নিৰ্ভৰ কৰাটো বন্ধ কৰিব লাগিব, যিটো সম্ভৱ নহয় ৷ মই নাভাবো যে কোনেও এনে কাম কৰাৰ চেষ্টা কৰিব ৷ এই সম্বন্ধে গম্ভীৰভাৱে চিন্তা কৰা উচিত ৷ যদি আপুনি প্ৰতিবেশীৰ সৈতে কৌশলগত যুদ্ধ অথবা কৌশলগত এৰা-ধৰাত ব্যস্ত থাকে তেন্তে এয়া এক দীৰ্ঘকালিন প্ৰক্ৰিয়া ৷ য'ত পৰিকল্পনা তথা চিন্ত-ধাৰাৰ প্ৰয়োজন ৷ ৰোম এদিনতে সৃষ্টি হোৱা নাছিল ৷ সৰবৰাহ প্ৰক্ৰিয়াও এদিনতে হোৱা নাছিল ৷ "বাইদু অথবা পেটিএম" চীনা সৰবৰাহ ভাৰতত বহু পূৰ্বৰে পৰা চলি আছে ৷ চীন এই অৰ্থ ব্যৱস্থাৰ সৈতে ওতঃপ্ৰোত ভাৱে জৰিত হৈ আছে ৷ সেয়ে ইয়াক ৰাতিৰ ভিতৰতে বন্ধ কৰাটো সম্ভৱ নহয় ৷ কেৱল ভাৰত নহয় সমগ্ৰ বিশ্বই এই সমস্যাৰ সৈতে যুঁজ দি আছে ৷ আমি প্ৰতীক, সংকেত আৰু সাৰংশক তিনিটা বেলেগ বেলেগ বস্তু বুলি চিন্তা কৰিব লাগিব ৷ আৰু সাৰংশৰ ক্ষেত্ৰত যিটো পদক্ষেপ দীৰ্ঘকালিন হয় সেইটোৱে মূল বিষয় হ'ব ৷
প্ৰশ্নঃ 2019 চনত TikTok য়ে বিশ্বজুৰি আয় কৰিছিল 17 বিলিয়ন মাৰ্কিন ডলাৰ ৷ ই প্ৰচুৰ সংখ্যাত ডাউনল'ড হোৱা স্বত্বেও ভাৰতৰ অংশ আছিল মাত্ৰ 0.03 শতাংশ ৷ ই চীনক ব্যাঘাত জন্মাব নেকি? নে মহামাৰীয়ে যিদৰে আমাক জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাইছে তেনেদৰে এই সংস্থাটোৰ কৰ্মচাৰীৰ ওপৰটো প্ৰভাৱ পৰিব ?
সুঞ্জয়ঃ এটা এপৰ স্থানত কেবাটাও বিকল্প পোৱাৰ সম্ভৱনা আছে ৷ এই ক্ষেত্ৰত ভাৰত পিছুৱাই থকা নাই ৷ সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতীয়ই সৰ্বাধিক এপ বনোৱাৰ লগতে সৰ্বাধিক ডাউনল'ডো কৰে ৷ সৰবৰাহ বন্ধ হ'লে আমি বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লাগিব , আৰু এইটোৱে মোৰ একমাত্ৰ চিন্তা ৷ আজিৰ সময়ছোৱাত চীনৰ ওচৰত 70 শতাংশ ঔষধ তৈয়াৰ কৰাৰ উপাদান আছে ৷ সেই সমূহ চীনৰ পৰা কিয় আহে বুলি আমি বহু পূৰ্বেতে নিজক প্ৰশ্ন কৰিব লাগিছিল ৷ আজি আপুনি সেই সৰবৰাহ প্ৰক্ৰিয়া হঠাৎ বন্ধ কৰি দিব নোৱাৰে ৷ একেদৰে মোবাইল, ইলেকট্ৰ'নিক, অট'মোবাইলৰ ক্ষেত্ৰটো আজি যদি চীনা সামগ্ৰী সৰবৰাহ বন্ধ কৰি দিব বিচাৰে তেন্তে "মেড ইন চাইনা"ক এনেদৰে বাধা দিয়াৰ প্ৰভাৱ "মেড ইন ইণ্ডিয়া"ৰ অধীনত থকা উদ্যোগসমূহৰ ওপৰত পৰিব ৷ "মেড ইন ইণ্ডিয়া"ৰ কৰ্মসূচী ৰৈ যাব ৷ এই মহামাৰীৰ সময়ছোৱাত অৰ্থনীতি উন্নত কৰাৰ বিপৰীতে দেশৰ অৰ্থনীতি ক্ষতি হে হ'ব ৷ আমি কৌশলগতভাৱে আৰু দূৰদৰ্শিতাৰে চীনৰ সৈতে মোকাবিলা কৰিব লাগিব ৷ প্ৰতীক আৰু সংকেতৰ এটা অংশ প্ৰতিবাদ আৰু TRP ৰ বাবে ভাল ৷ কিন্তু বাস্তৱত পৰিকল্পনা নোহোৱাকৈ কৰাটো সম্ভৱ নহয় ৷
প্ৰশ্নঃ নিৰাপত্তাজনিত আশংকা ইয়াৰ মূল কাৰণ নেকি ? চলিত বৰ্ষৰ মাৰ্চ মাহত লোকসভাত প্ৰশ্ন উত্থাপন কৰা হৈছিল যে, চীনা এপ সমূহত নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাৰ ক্ষেত্ৰত কোনো আমেৰিকান ইনপুট আছে নেকি ? উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেদ্দীয়ে নহয় বুলি কৈছিল ৷ ইয়াৰোপৰি এই এপ নিসিদ্ধ কৰাৰো কোনো পৰিকল্পনা নাই জনাইছিল ৷ ইয়াৰ 100 দিনৰ পাছতে কোৱা হ'ল যে, নিৰাপত্তাজনিত আশংকাৰ ফলতে এই এপসমূহ বন্ধ কৰা হ'ব ৷
সুঞ্জয়ঃ চীন হওঁক বা আমেৰিকা, নিৰাপত্তাৰ বিষয়টো এপ আৰু হাৰ্ডৱেৰ উভয়ৰে লগত জৰিত ৷ ইয়াৰ আটাইতকৈ ভাল সমাধান হ'ল ভাৰততে সকলো বনোৱা যাওঁক ৷ তেতিয়া আপোনাৰ নিজৰ চিষ্টেম থাকিব৷ ইয়াক নিয়ন্ত্ৰণ পৰিচালনা সকলো আপোনাৰ হাতত থাকিব ৷ কিন্তু যেতিয়ালৈ এই ব্যৱস্থা কৰা নহয় তেতিয়ালৈ আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব ৷ ইয়াৰ এটা সমাধান হ'ল টেষ্টিং ৷ ইজৰাইল বা ৰাছিয়া অথবা দেশসমূহৰ দৰে আপোনাৰ হাতত যদি সুৰক্ষা টেষ্টিঙৰ কোনো ক্ষমতা নাই নিৰাপত্তাৰ দিশটোৰ সমাধান আছে ৷ যেতিয়ালৈ আপুনি আত্মনিৰ্ভৰশীল নহয় তেতিয়ালৈ ইয়াৰ ওপৰত কোনো প্ৰভাৱ নপৰে ৷" Cisco" য়ো একেটা কামে কৰে ৷ আমেৰিকাৰ কোম্পানীসমূহেও একেটা কাম কৰে ৷ Wikileaks হৈছে আমেৰিকাৰ পিছৰ দুৱাৰ অথবা পথ খোলা ৰখা৷ অথচ ইউৰোপৰ নিজৰ সহযোগীৰ ওপৰতো নজৰ ৰখা ৷ আমিও চীনৰ ক্ষেত্ৰত এই বিষয়সমূহক লৈ বাস্তবধৰ্মী হোৱা উচিত ৷ আমি তৃণমূল স্তৰলৈ যাবলৈ হ'লে বহু কষ্ট কৰিব লাগিব যাতে ভাৰতত বিনিয়োগ আৰু কাম কৰাটো সহজ হয় ৷ অন্যথা ভাৰতত উৎপাদনৰ খৰচ বৃদ্ধি হৈ যাব লগতে অন্য দেশৰ তুলনাত পিছত থাকি যাব ৷
প্ৰশ্নঃ ভাৰতত চীনৰ মুঠ বিনিয়োগ তিনি বছৰত পাঁচগুণ বৃদ্ধি হৈ 2014 চনত 1.6 বিলিয়ন মাৰ্কিন ডলাৰ হয় ৷ 2017 চনত পুনৰ বৃদ্ধি হৈ 8 বিলিয়ন মাৰ্কিন ডলাৰ পায়গৈ ৷ বিশ্বৰ কোনো এখন তৃতীয় দেশৰ অধিগ্ৰহণ তথা অংশীদাৰিত্ব বেচৰকাৰীভাৱে চীনে বিনিয়োগ কৰা পৰিসংখ্যাৰ তুলনাত 25 গুণ বেছি৷ ভাৰতত চীনে কিমান বিনিয়োগ কৰিছে আৰু তাৰ যথাযথ মূল্যায়ন কি হৈছে ?
সুঞ্জয়ঃ কৰ'ণা পৰিস্থিতিত এই প্ৰশ্নটো সমগ্ৰ বিশ্বকে কৰা হৈছিল ৷ ভাৰত আৰু সমগ্ৰ বিশ্বই উপলব্ধি কৰিছে যে চীনৰ ওপৰত ভৰষা কৰাৰ কোনো নিশ্চয়তা নাই ৷ সমগ্ৰ বিশ্বই এই সময়ছোৱাত সৰবৰাহৰ চেইনডাল থিক কৰাৰ চেষ্টা চলাইছে ৷ বুদ্ধিমানসকলে জানে যে এই চেইনডাল তৈয়াৰ কৰাত প্ৰায় 3 ৰ পৰা 7 বছৰৰ দৰকাৰ হ'ব পাৰে ৷ কেবাটাও সংস্থা আছে য'ত মানুহে ইতিমধ্যে মনোনিৱেশ কৰিছে ৷ বৃহৎ বিত্তীয় সংস্থানসমূহ ইয়াত জৰিত হৈ আছে ৷ ভাৰতৰ ওচৰত সীমিত বিকল্প আছে, সেয়ে আমি এতিয়াই পৰিকল্পনা কৰা উচিত ৷
প্ৰশ্নঃ চীনে 26 বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা বুলি শুনিব পোৱা গৈছে ৷ তেতিয়াহ'লে চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক শেষ কৰাৰ পাছত বিকল্প কি ?
সুঞ্জয়ঃ ভাৰতৰ পুঁজি আৰু বিনিয়োগৰ এটা প্ৰতিযোগিতামূলক গন্তব্য হিচাব গঢ়ি তোলা হ'ব ৷ ভাৰতত উৎপাদনসমূহৰ খৰচ কম কৰা যিসমূহ এতিয়া অত্যন্ত বেছি ৷ এয়া অতীতৰ এক নীতিগত সিদ্ধান্ত ৷ ইন্ধনৰ দাম হ্ৰাস কৰক ৷ বৰ্তমান সকলোৰে এটা সহজ উপায় আছে ৷ য'ত আৰ্থিক সংকট আহে তাতে কৰ বৃদ্ধি পায় ৷ ইন্ধনৰ ক্ষেত্ৰটো এয়ে হয় ৷ আজি পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ বাবে ভাৰত আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছে ৷ সংকটৰ সময়ছোৱাত মূল্য হ্ৰাস কৰি অৰ্থনীতিক ৰক্ষা কৰিব পৰা যায় ৷
প্ৰশ্নঃ উদ্যোগসমূহে কিদৰে আগবঢ়া উচিত ?
সুঞ্জয়ঃ উদ্যোগসমূহে এনেকুৱা এটা পৰিৱেশ বিচাৰে য'ত সহজতে উৎপাদন কৰিব পাৰে ৷ ঔদ্যোগিক আইনক নস্যাৎ কৰাৰ কথা কোৱা নাই ৷ বৰঞ্চ ইয়াক অধিক যুক্তিপূৰ্ণ কৰাটো উচিত ৷ কোনো এটা ভাল উদ্যোগে তেওঁলোকৰ শ্ৰমিক সমূহক বঞ্চিত কৰিব নিবিচাৰে ৷ তেওঁলোকে ভাল আৰু সাৰ্বভৌমিক শ্ৰম আইন বিচাৰে ৷ যিয়ে উদ্যোগক ৰক্ষা কৰিব ৷
প্ৰশ্নঃ ভাৰতে টাইবানক সৈতে কৌশলগত সম্পৰ্ক কৰা উচিত নেকি ? "মেড ইন ইণ্ডিয়া" আৰম্ভ হোৱাৰ পূৰ্বে চীনে আমদানিৰ ওপৰত নিৰ্ভৰ কমোৱাৰ কিবা বিকল্প আছে নেকি ?
সুঞ্জয়ঃ এয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ কিন্তু ইয়াৰ উৎপত্তি সম্পৰ্কে বহুতে নাজানে ৷ গতিকে আপুনি টাইবান অথবা ভিয়েটনাম যিকোনো দেশৰ পৰা আমদানি কৰিব পাৰে ৷ কিন্তু তাত চীনৰ চাপ কিমান বেছি এই বিষয়ে জনাটো বৰ কঠিন ৷
প্ৰশ্নঃ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতিৰ সমাধানৰ বাবে সামৰিক অথবা আমোলাতান্ত্ৰিক সমাধানক লৈ আপুনি কিমান আশা ব্যক্ত কৰে ?
সুঞ্জয়ঃ চীনৰ অধিক বিনিয়োগে প্ৰকৃতাৰ্থত আপোনাৰ আচল বিনিয়োগ ৷ চীন অধিক যুদ্ধভাবাপন্ন নহয় ৷ যদি সিহঁতৰ ইয়াত কোনো স্বাৰ্থ জৰিত নাথাকিল হয় তেন্তে সিহঁত অধিক উগ্ৰ হ'লহেতেন ৷ ভাৰত যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থকা উচিত ৷