নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : ওড়িশাত শীঘ্ৰেই আৰম্ভ হ'ব ভাৰতৰ ক'ভিড প্ৰতিষেধকৰ তৃতীয়টো তথা অন্তিমটো পৰীক্ষণ ৷ ক'ভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ ভাৰতৰ সৰ্বমুঠ 21 টা কেন্দ্ৰৰ লগতে ওড়িশাৰ চাম চিকিৎসালয়ত সম্পন্ন হ'ব ৷ ওড়িশাৰ প্ৰায় 2,000 স্বেচ্ছাসেৱকৰ শৰীৰত এই প্ৰতিষেধকৰ পৰীক্ষণ সম্পন্ন কৰা হ'ব ৷
অতি সম্প্ৰতি ড্ৰাগছ্ কণ্ট্ৰ'লাৰ জেনেৰেল অব্ ইণ্ডিয়া (ডিচিজিআই) ভাৰত বায়টেকক ক'ভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ দেশৰ প্ৰায় 28,500 লোকে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে নাম পঞ্জীয়ণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ এই লোকসকলক দুটাকৈ পৰীক্ষণমূলক প্ৰতিষেধক প্ৰদান কৰিব ৷
লগতে পঢ়ক: জম্মু কাশ্মীৰত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী