ETV Bharat / bharat

কভিড-১৯ঃ দৰ্শক অবিহনে অনুষ্ঠিত হ'ব মিলিটাৰী একাডেমীৰ পেৰেড - কৰ'ণা ভাইৰাছ সক্ৰমণ

কোভিড-১৯ৰ বাবে চলিত বৰ্ষৰ মিলিটাৰী একাডেমীৰ পেৰেড অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব । পূৰ্বৰ নিচিনা জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব । আনকি সেনাৰ পৰিয়ালৰ লোকক আমন্ত্ৰণ কৰা নহয় পেৰেডত ।

covid-19-threat-ima-to-hold-passing-out-parade-without-spectators
কভিড-১৯ঃ দৰ্শক অবিহনে অনুষ্ঠিত হ'ব মিলিটাৰী একাডেমীৰ পেৰেড
author img

By

Published : Jun 4, 2020, 9:38 PM IST

নিউজ ডেস্ক, ৪ জুন : কৰ'ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে নাগৰিকৰ স্বাভাৱিক জীৱন । ইতিমধ্যে সংক্ৰমণ ৰোধৰ বাবে জন সমাগম ঘটা সকলো অনুষ্ঠান বাতিল কৰা হৈছে । শেহেতীয়া কৈ কৰ'ণা ভাইৰাছৰ বাবে ভাৰতীয় মিলিটাৰী একাডেমী চমুকৈ আই এম এ ৰ চলিত বৰ্ষৰ ১৩ জুন তাৰিখে অনুষ্ঠিত হ'ব লগা পাচিং আউট পেৰেড অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব। পূৰ্বতে এই পেৰেডত শীৰ্ষ মিলিটাৰীৰ পৰিয়ালৰ লোকক আমন্ত্ৰণ জনোৱা হৈছিল যদিও এইবাৰৰ কোভিড-১৯ ৰ বাবে কাকো আমন্ত্ৰণ কৰা নহয় বুলি ভাৰতীয় মিলিটাৰী একাডেমীয়ে জানিবলৈ দিয়ে । কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত থকা বুলি কতৃপক্ষই জানিবলৈ দিয়ে । পূৰ্বতে হাজাৰ-হাজাৰ দৰ্শকে অনুষ্ঠানস্থলীৰ পৰাই উক্ত অনুষ্ঠান প্ৰত্যক্ষ কৰিছিল যদিও এইবাৰ ঘৰত বহিয়ে সংবাদ মাধ্যমৰ জৰিয়তে পেৰেড চাবলৈ অনুৰোধ জনাই । কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা অনুসৰি,সকলো ধৰণৰ নীতি-নিয়ম আৰু সামাজিক দুৰত্ব মানি উক্ত অনুষ্ঠান সম্পন্ন কৰা হ'ব । আনকি চলিত বৰ্ষত ভাল ফলাফল দেখুওৱা সেনা সকলক মেডেল প্ৰদান কৰা নহয় । চলিত বৰ্ষত পেৰেড অনুষ্ঠানত মনোজ মুকুন্দ নাৰ্ভনে ভাৰতীয় সামৰিক একাডেমীৰ পেৰেডত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে, ভাৰতীয় মিলিটাৰী একাডেমীয়ে ২৪১৩ জন বিষয়াক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিছে ।

covid-19-threat-ima-to-hold-passing-out-parade-without-spectators
কভিড-১৯ঃ দৰ্শক অবিহনে অনুষ্ঠিত হ'ব মিলিটাৰী একাডেমীৰ পেৰেড

লগতে পঢ়ক : তেলেংগাণাত বাল্য বিবাহঃ দৰাক গ্ৰেপ্তাৰৰ দাবী সমাজকৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.