ETV Bharat / bharat

COVID-19ৰ হেঁচাই টোপনি কাঢ়ি নিছে ! ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়....

author img

By

Published : Apr 5, 2020, 9:58 AM IST

কোভিড-19 মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে অত্যধিক হেঁচা আৰু মানসিক অশান্তিয়ে বহুতৰে টোপনি কাঢ়ি নিছে ৷ অৱশ্যে নিৰ্দিষ্ট পৰিমানৰ টোপনিয়ে এজন ব্যক্তিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক শক্তিশালী কৰি ৰাখে ৷ ভাল টোপনিৰ বাবে এজন লোকে গ্ৰহণ কৰিব পাৰে কিছুমান নিৰ্দিষ্ট ব্যৱস্থা ৷ এই বিশেষ প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে ৷

ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়
ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়

নিউজ ডেস্ক, 5 এপ্ৰিলঃ স্বাস্থ্য বিশেষজ্ঞসকলে কৰ‘ণা ভাইৰাছৰ পৰা আঁতৰত থাকিবৰ বাবে হাত ধুবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ ইয়াৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি গঢ়ি তোলাও হৈছে এই ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ এক শক্তিশালী উপায় ৷ আমি সকলোৱে জানো যে, ভাল টোপনিয়ে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰাকৃতিকভাৱেই শক্তিশালী কৰি তোলে ৷ ভাল টোপনিয়ে মগজু আৰু শৰীৰ অধিক শক্তিশালী কৰি ৰাখে ৷ কৰ‘ণা ভাইৰাছ সৃষ্ট কোভিড-19 মহামাৰীয়ে বহুতৰে মাজত উদ্বিগ্নতাৰ লগতে বিষণ্ণতা বৃদ্ধি কৰিছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজকে অকলশৰীয়াকৈ ৰাখি পৰিয়াল আৰু বন্ধুসকলৰ পৰা আঁতৰত অৱস্থান গ্ৰহণ কৰিছে ৷ এই বেমাৰৰ প্ৰতি থকা বিষণ্ণতা আৰু ভয়ে, প্ৰাপ্তবয়স্কৰ লগতে শিশুসকলৰ মাজত বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ মানুহে নিজৰ লগতে নিজৰ আপোনজনৰ স্বাস্থ্যক লৈ অধিক চিন্তিত হৈ পৰিছে ৷ ই আৰু অধিক ভয়াৱহ হৈ পৰিছে, বিশেষকৈ মানুহৰ মাজত মনোবৈজ্ঞানিক স্বাস্থ্যৰ প্ৰতিও ভাবুকি লৈ আনিছে ৷ যাৰ বাবে ভাল টোপনি অহাটো যিদৰে সম্ভৱ হৈ আছিল সেয়া কৰবাত ৰৈ গৈছে ৷

"আমাৰ মনোবৈজ্ঞানিক দিশটোৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে টোপনি ৷ যদিহে আমি টোপনি নামাৰো, আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱাটো স্বাভাৱিক ৷ যাৰ ফলত আমাৰ শৰীৰত জ্বলনৰ হয় আৰু ই ভাইৰাছৰ বাবে অধিক লাভজনক হৈ পৰাৰ লগতে আমাৰ বাবে অধিক ক্ষতিকাৰক হৈ দেখা দিছে ৷" এখন আন্তৰাষ্ট্ৰীয় জৰ্নালত এইদৰে কয় নিউয়ৰ্কৰ লেনক্স চিকিৎসালৰ জ্যেষ্ঠ neuropsychologist ব্ৰিটনী লেমাণ্ডাই ৷

সেয়েহে গুণগত টোপনিয়ে আমাৰ দেহক কৰ‘ণা ভাইৰাছৰ পৰা আঁতৰত ৰাখিবলৈ এক বিশেষ বূমিকা পালন কৰিব পাৰে ৷ আমি গ্ৰহণ কৰা স্বচ্ছতাৰ সকলো দিশ, যেনে হাত ধোৱা, সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ উপৰিও ভাল টোপনিয়ে আমাক এই ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে ৷

তলত কিছুমান উপায় তুলি ধৰা হ‘ল যিয়ে আপোনাক ভাল টোপনি অহাত সহায় কৰিব পাৰে ৷

সদায় ৰুটিন মানি চলক...

কৰ‘ণা ভাইৰাছে মানুহৰ জীৱন তল-উপৰ কৰি পেলাইছে ৷ বহু লোকে নিজৰ ঘৰৰ পৰাই কাম কৰিবলগীয়া হৈছে আৰু একেসময়তে নিজ গৃহৰ প্ৰতিও লক্ষ্য ৰাখিব লগা হৈছে ৷ অন্য়ান্যসকলে কাম আৰু পৰিয়ালৰ মাজতে নিজৰ সন্তানৰ প্ৰতিও লক্ষ্য দিবলগা হৈছে, যিহেতু এই সময়ত বিদ্যালয়সমূহ বন্ধ হৈ আছে আৰু শিশুসকল নিজ নিজ গৃহতে আৱদ্ধ হৈ পৰিছে ৷

কলম্বিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী মনোবিজ্ঞানী তথা গৱেষক নভ্যা সিঙে কয়, “এইয়াই উপযুক্ত সময় যাতে আমি নিজে মনত ৰখা উচিত তথা মন কৰিবলগীয়া যে, আজিৰ পৃথিৱীত আমি কিদৰে জীয়াই আছো ৷ সেয়েহে, আমি আমাৰ দৈনন্দিন ৰুটিনমতেই আগৰদৰেই চলি যোৱাটো চেষ্টা কৰা উচিত ৷ যদিহে আপুনি ঘৰৰ পৰাই কাম কৰি আছে, একে সময়তে শুৱাৰ পৰা উঠি গা-পা ধুুই, কাপোৰ পিন্ধি লওঁক ৷ আপুনি হ‘ব পাৰে অন্য কোঠালীৰ পৰা নাইবা শুৱা কোঠালীৰ পৰা কাম কৰি আছে, কিন্তু মনত ৰাখিব যে, আগতে যিদৰে কাম কৰি আছিল এতিয়াও সেই একেধৰণে কাম কৰি আছে, যিয়ে আপোনাক অৱসাদগ্ৰস্থ হোৱাৰ পৰা আঁতৰত ৰাখিব ৷"

মাত্ৰাধিক টোপনি বাদ দিয়ক...

যিদৰে মানুহে কৰ‘ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ নিজকে আছুতীয়াকৈ ৰাখিছে, এনে অৱস্থা্ত আচহুৱা সময়টো টোপনি লাগিব পাৰে ৷ অত্যধিক টোপনিয়ে আপোনাক এলেহুৱা কৰি তুলিব পাৰে আৰু ইয়ে আপোনাৰ দৈনন্দিন টোপনিৰ বাবে ক্ষতিকাৰক হৈ উঠিব ৷ সেয়েহে এক নিৰ্দিষ্ট ৰুটিন মতে একেসময়তে টোপনি যোৱাৰ বাবে চেষ্টা কৰাটো অধিক জৰুৰী ৷

ব্য়ায়াম কৰাটো সমানে প্ৰয়োজনীয়...

লকডাউনৰ ফলক ব্যায়ামগাৰসমূহ বন্ধ হৈ পৰিছে, যদিও আপুনি সদায় শৰীৰচৰ্চা কৰিব পাৰে ৷ নিয়মীয়া দৈনন্দিন শৰীৰচৰ্চা ভাল টোপনিৰ বাবে সমানেই প্ৰয়োজনীয় ৷ ব্ৰিটনী লেমাণ্ডাই কয় যে, "দিনৰ ভাগত শৰীৰচৰ্চা কৰাটো খুবেই গুৰুত্বপূৰ্ণ ৷ আমি জানো যে, ইয়ে আমাৰ শৰীৰৰ pathophysiological কাৰণতে ভাল টোপনি অহাত সহায় কৰে ৷ আমি শৰীৰচৰ্চা কৰিলে ভাগৰুৱা অনুভৱ কৰিম আৰু ইয়ে ভাল টোপনি অহাত অধিক সহায় কৰিব ৷”

স্মাৰ্টফোনৰ পৰা আঁতৰি আহক...

আপুনি টোপনি অহাৰ সময়ত মোবাইলৰ স্ক্ৰীণত চাই থকাটো মুঠেই ভাল নহয় ৷ ব্ৰিটনী লেমাণ্ডাই কয় যে, "আমি পৰামৰ্শ দিও যে, শুৱাৰ কিছুঘন্টা আগতেই মানুহে নিজৰ টিভি অফ কৰি লোৱাৰ লগতে, নিজৰ মোবাইলৰ পৰা আঁতৰি আহিব লাগে ৷" ভাল টোপনি অহাৰ বাবে আন এক গুৰুত্বপূৰ্ণ তথা লাভজনক দিশ হৈছে কিতাপ পঢ়া ৷

আৰু তাৰ পিচটো যদিহে আপোনাৰ টোপনি অহাত কষ্ট হৈছে অথবা দুঃচিন্তাৰ লগতে ভয়ৰ বশৱৰ্তী হৈছে তেতিয়াহ‘লে ততালিকে এগৰাকী therapistৰ সৈতে যোগাযোগ কৰাটো অতিকে প্ৰয়োজনীয় ৷ যদিহে আপোনাক কিবা কথাই কষ্ট দি আছে, তাক মুকলিভাৱে নিজৰ প্ৰিয়জনৰ আগত প্ৰকাশ কৰক, সহায়ৰ বাবে পৰামৰ্শ গ্ৰহণ কৰক, আলোচনাৰ মাজেৰে তাক সমাধান কৰাৰ চেষ্টা কৰক ৷ মনত ৰাখিব আপুনি কেতিয়াও অকলশৰীয়া নহয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.