নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ মৃত্যুদণ্ড আৰু পাৰিবাৰিক আইন সম্পৰ্কীয় বিষয়ত উচ্চতম ন্যায়ালয়ে লকডাউনৰ সময়ছোৱাত ভিডিঅ' কনফাৰেঞ্চযোগে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি মত ব্যক্ত কৰে ।
ভাৰতৰ মুখ্য ন্যায়াধীশে এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিলেই শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।
আনহাতে, ভিডিঅ' কনফাৰেঞ্চযোগে শুনানি গ্ৰহণ কৰা সময়ত ইচ্ছ্যুক বিষয়ত কোনো ব্যক্তিয়ে নিজৰ মন্তব্য় ৰাখিব বিচাৰিলে তেনে ব্যক্তিসকলক কম সময়ৰ ভিতৰত ঘটনাৰ বিৱৰণ দাঙি ধৰাৰ লগতে ২৪ এপ্ৰিল, ২০২০ চনত consent.list@sci.nic.in ত মেইল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে, ২৪ মাৰ্চত লকডাউন ঘোষণা কৰাৰ পিচত উচ্চতম ন্যায়ালয়ে কেৱল গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতহে ভিডিঅ' কনফাৰেঞ্চযোগে শুনানি গ্ৰহণ কৰি আহিছে ।