ETV Bharat / bharat

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 50 লক্ষাধিক - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ 90,123 গৰাকী কৰ'ণা আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷ ইয়াৰ লগে লগে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 50 লক্ষাধিক ৷

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 50 লক্ষাধিক

author img

By

Published : Sep 16, 2020, 2:24 PM IST

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ: বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি, বিগত 24 ঘণ্টাত ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 50 লক্ষাধিক ৷ 24 ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ 90,123 গৰাকী কৰ'ণা আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷ আনহাতে এনেখিনি সময়তে নতুনকৈ 1,290 গৰাকী কৰ'ণা আক্ৰান্ত লোকে মৃত্যুক সাৱটি লৈছে ৷

উল্লেখ্য যে, দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 50,20,360 গৰাকীলৈ ৷ 16 ছেপ্তেম্বৰলৈ পোৱা তথ্য় অনুসৰি দেশত বৰ্তমানলৈ 82,066 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে এই পৰ্যন্ত 39,42,361 গৰাকী লোকে অব্যাহতি লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈ ভাৰতত 5,94,29,115 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ লগতে 15 ছেপ্তেম্বৰত নতুনকৈ 11,16,842 টা নমুনাৰ পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক: COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.