ETV Bharat / bharat

২ আগষ্টলৈকে প্ৰতিটো দেওবাৰে লকডাউন ঘোষণা কৰ্ণাটক চৰকাৰৰ

author img

By

Published : Jul 5, 2020, 3:32 PM IST

কৰ্ণাটকত এইপৰ্যন্ত মুঠ ২১,৫৪৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰে ১১,৯৬৪ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৯,২৪৬ গৰাকীয়ে । আনহাতে, এই মহামাৰীৰ ফলত ৰাজ্যখনত মুঠ ৩৩৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে ।

 lockdown
COVID-19: Karnataka imposes complete lockdown every Sunday till August 2

নিউজ ডেস্ক, ৫ জুলাইঃ কৰ্ণাটকত কোভিড-১৯ৰ সংক্ৰমন ৰোধৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিটো সপ্তাহৰ দেওবাৰে লকডাউন ঘোষণা কৰিছে । ২ আগষ্টলৈকে প্ৰতিটো দেওবাৰে সমগ্ৰ ৰাজ্যতে লকডাউন ঘোষণা কৰে বি এছ য়াদিয়ুৰাপ্পা নেতৃত্ত্বাধীন চৰকাৰখনে । ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰি এই বন্ধৰ সময়ছোৱাত কেৱল জৰুৰীকালীন কাম-কাজৰ লগতে পূৰ্বে নিৰ্ধাৰিত হৈ থকা বিবাহ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰিব ।

COVID-19: Karnataka imposes complete lockdown every Sunday till August 2
২ আগষ্টলৈকে প্ৰতিটো দেওবাৰে লকডাউন ঘোষণা কৰ্ণাটক চৰকাৰৰ

কৰ্ণাটক চৰকাৰে শনিবাৰে বাংগালোৰ মহানগৰ পালিকাৰ অধিনত থকা সকলো অঞ্চলতে দেওবাৰৰ দিনটোত কঠোৰ লকডাউন ঘোষণা কৰে । শনিবাৰে নিশা ৮ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ লকডাউন ঘোষণা কৰা হয় । এই সময়ছোৱাত কেৱল ফাৰ্মাচী, গেলামালৰ দোকান আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণীসমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰে ।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত ৰাজ্যখনত মুঠ ২১,৫৪৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰে ১১,৯৬৪ গৰাকী লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৯,২৪৬ গৰাকীয়ে । আনহাতে, এই মহামাৰীৰ ফলত ৰাজ্যখনত মুঠ ৩৩৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.